এজন সফল উদ্যমী আৰু এখন E- Book ষ্টল

0 219

উদ্যমী বুলি পৰিচয় জিনিবলৈ কোনেনো মন নকৰে ? হাজাৰ সংঘাত আহিলেও উদ্যমীয়ে কেতিয়াও হাৰ নামানে । ইণ্টাৰনেটৰ সংযোগে আমাক সমগ্ৰ পৃথিৱীখনৰ নিচেই কাষ চপাই আনিলে তাৰেই আলমত ভিত্তি কৰি প্ৰস্তুত কৰা এজন উদ্যমীৰ কাহিনী NE Focus ত সন্নিবিষ্ট কৰা হ’ল।

IMG-20161212-WA0061

আজিৰ দিনত কিতাপ পঢ়ি ভালপোৱা মানুহ আৰু ম’বাইলৰ লগত সময় অতিবাহিত কৰি ভালপোৱা মানুহৰ মাজত যদি এক সমীক্ষা চলোৱা হয়, দেখদেখকৈ চকুৰ আগত জলজল পটপতকৈ ম’বাইল প্ৰেমী সংখ্যাই সৰ্বাধিক হ’ব। ন’হবনো কিয় আজিৰ ম’বাইলত সমগ্ৰ বিশ্বখন হাতৰ মুঁঠিত থাকে অথবা ম’বাইলৰ জৰিয়তে সকলো কাম যেনে গেম খেলা, চিনেমা চোৱা, নিউজ পঢ়া, আৰু সামাজিক ক্ষেত্ৰখনৰ লগত সমন্বয় বৰ্ত্তাই ৰখা আৰু সকলো বোৰ কাম সমাধা হয়।

IMG-20161212-WA0063

এনে বহু ব্যক্তি আছে, যিয়ে কিতাপ পঢ়ি ভাল পায়। কিতাপৰ লগত সময় কটাই ভালপায়, কিতাপক জীৱনৰ পৰম বন্ধু বুলি আকোঁৱালি লয়। অথচ সেইসকল ব্যক্তিয়ে সময়ৰ অভাৱত আৰু কৰ্তব্যৰ তাগিদাত কিতাপৰ দোকানত কিম্বা গ্ৰন্থ মেলাত গৈ কিতাপ নিৰ্বাচন কৰি পঢ়াটো সম্ভৱপৰ হৈ নুঠে । তেনে ব্যক্তিসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু নৱপ্ৰজন্মৰ মাজত কিতাপৰ জনপ্ৰিয়তা বজাই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে Assamkart.com য়ে । উল্লেখযোগ্য যে বিকাশ কলিতা আৰু নৱনিতা হাজৰিকাৰ নৱচিন্তা, নৱ পৰিকল্পনাৰে আৰম্ভ হৈছে ২০১২ চনৰ পৰা e-book ষ্টল খন। সমগ্ৰ ভাৰতৰ ভিতৰত থকা এইখন জাতীয় ভাষাত কিতাপ উপলব্ধ হোৱা দ্বিতীয় খন e-book ষ্টল ।

IMG-20161212-WA0064

Assam kart ৰ আঁতধৰি বিচাৰি পাইছিলো এজন সফল উদ্যমীক । নাম তেওঁৰ বিকাশ কলিতা । বিকাশ কলিতাৰ উদ্যমীয়তা মানসিকতাৰ পৰিচয় পাইছিলো, তেখেতৰ লগত হোৱা কথোপকথনত। তেখেতে আমাক জনাইছিল- এনেদৰে সকলো মানুহৰে জীৱনত একোটা লক্ষ্য থাকে । সৰুৰে পৰা মোৰো লক্ষ্য আছিল জীৱনত নিজাকৈ কিবা এটা কৰা। তাৰ কাৰণে মই যথেষ্ট কষ্ট কৰিছিলো । স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ বাবে কিবা এটা ভাল কাম কৰা মানসেৰে Assam Kart ৰ জন্ম দিলো । আশা কৰিছো উত্তৰ প্ৰজন্মই  Assam Kart ৰ পৰা অলপ হ’লেও উপকৃত হ’ব ।  আজি কালিৰ নৱপ্ৰজন্মৰ হাতে হাতে ম’বাইল ( স্মাৰ্ট ফোন) থাকেই, সেইহে ভাবিলো কিতাপ পঢ়ি ভাল পোৱা সকলো ঘৰতে বহি কিতাপ নিৰ্বাচন কৰি যিকোনো ধৰণৰ কিতাপ অধ্যয়ন কৰিব পাৰিব।

IMG-20161212-WA0062

এইখিনিতে Assam Kart ৰ বিষয়ে সবিশেষ জনাৰ আগতে বিকাশ কলিতাৰ পৰিচয় অলপমান জানো আহকচোন- বিকাশ কলিতা নামৰ ব্যক্তিজন বৰ্ত্তমান গুৱাহাটীৰ বাসিন্দা । তেখেতৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল বকোৰ পৰা, ইয়াৰ পিচত পয্যাৰ্য়ত মিৰ্জাৰ দি. কে কলেজ আৰু যোৰহাটৰ কৃষি বিশ্ববিদ্যলয়ৰ পৰা Agri B.Sc. লগতে পৰৱৰ্ত্তী সময়ত তেজপুৰ বিশ্ববিদ্যলয়ৰ পৰা MBA ডিগ্ৰী লাভ কৰে । ইয়াৰ পিচতে শিক্ষা জীৱন সামৰি দিল্লীত কিছু বছৰ চাকৰি কৰে। কিছু মুল ধন গোটাই তেখেতৰ সহযোগী নৱনিতা হাজৰিকাৰ লগত একত্ৰিত হৈ নগাওঁত দহ বিঘা মাটিত অৰ্গেনিক শাক পাচলিৰ এখন ফাৰ্ম আৰম্ভ কৰিছিল । ফাৰ্মখনত লোকেল সকলো ধৰণৰ শাক পাচলি উপলব্ধ আছিল। তেখেতে অধ্যয়ন কৰা Agri B.Sc.য়ে যথেষ্ট সহায় কৰিছিল। প্ৰথম অৱস্থাত  ফাৰ্মখন খুব ভালে চলিছিল যদিও পৰৱৰ্ত্তী সময়ত গ্ৰাহকৰ পৰা বিশেষ সফলতা লাভ নকৰাত ফাৰ্মখন বন্ধ হৈ পৰে ।

Program at Parijat Academy

পূৰ্বে উল্লেখ কৰা হৈছে যে তেখেতে নিজৰ ওপৰত নিজেই থিয় হ’ব খুজিছিল। অৰ্থাৎ স্বাৱলম্বীতা নামৰ শব্দটো আঁহে আঁহে মন, মগজুত শিপাই আছিল । যিহেতু প্ৰথম ব্যৱসায়ৰ পৰা সিমান ফলৱৰ্ত্তী হোৱা নাছিল সেয়েহে কিছু মুলধন গোটোৱাৰ অৰ্থে পুনৰ অসমৰ বাহিৰত বাংগালোৰত কামৰ সন্ধানত গৈছিল ।  বাংগালোৰত তেখেতে কিছু বছৰ কৰ্মৰত আছিল । অৱশেষত ২০১১ চনত অসমলৈ ঘুৰি আহে। অসমলৈ আহি তেখেতে কিন্তু এনে বহি নাথাকিল । সহযোগী নৱনিতা হাজৰিকাৰ সৈতে মিলি সমগ্ৰ উত্তৰ পূৰ্ব ভিতৰত সৰ্ব প্ৰথমখন E Books ষ্ট’ল আৰম্ভ কৰে ।

২০১২ চনৰ কথা । তেখেতৰ এই ইতিৱাচক চিন্তাক বহু সাহিত্যিক, বিজ্ঞজনে সহায়ৰ হাত উজান দিয়ে । এই সম্পৰ্কে বিকাশ কলিতাই এনে দৰে জনাই- প্ৰথমে মই আৰু নৱনিতাই প্ৰকাশক, সাহিত্যিকৰ পৰা কিতাপ সংগ্ৰহ কৰিছিলো আৰু এনে দৰে অগবাঢ়িছিলো। উল্লেখযোগ্য যে বিকাশ কলিতা আৰু নৱনিতা হাজৰিকাই মিলি যোৱা বছৰ পৰা Life Skill Training Institute ৰ প্ৰতিষ্ঠা কৰিছে । নিজৰ জীৱন পথত সন্মুখীন হোৱা ঘাট প্ৰতিঘাটৰ সমস্যাৰ সমাধান সুত্ৰ উলিয়াই সুস্থভাবে জীৱন বাটত কি দৰে আগবাঢ়িব পৰা যায় এই  Institute ৰ যোগে প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত কৰ্মশালা,অনুষ্ঠান অনুষ্ঠিত কৰি বিভিন্ন সময়ত বহুজনক সঠিক পথত আনিবলৈ সক্ষম হৈছে বুলি ক বিকাশ কলিতাই জানিবলৈ দিয়ে। ব্যক্তিগত ভাবেও বহুতক  সঠিক জীৱন শৈলীৰ গঠন কৰাৰ প্ৰচেষ্টা  Life Skill Training Institute অব্যাহত ৰাখিছে। ইচ্ছুক সকলে ৮৮৭৬৭২২৯৭১ নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব ।

অসমৰ প্ৰথমখন E book ষ্ট’ল Assam Kart য়ে ২০১৩ আৰু ২০১৪ বৰ্ষত E-Northeast Award NEDS ৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। E book ষ্ট’লৰ Assam Kart ৰ যোগেদি গ্ৰন্থপ্ৰেমী পাঠকে গ্ৰন্থৰ সোৱাদ ল’বলৈ সক্ষম হ’ব। বিকাশ কলিতা আৰু তেখেতৰ Assam Kart আৰু Life Skill Training Institute য়ে আৰ্ত্তজনক সঠিক পথৰ সন্ধান দিয়ক আমাৰ ফালৰ পৰা শুভকামনা থাকিল ।

Leave A Reply

Your email address will not be published.