কুৱেল চৰাই পালনেৰে নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াইছে তিতাবৰৰ দুই যুৱকে

1 258

ৰাজ্যজুৰি নিবনুৱা সমস্যাটোৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে তিতাবৰৰ দুজন যুৱকে নিজা প্ৰচেষ্টাৰে দেখুৱাইছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন। কৰ্ম সংস্থাপনৰ অভাৱত একাংশ নিবনুৱাই বৰ্হিৰাজ্যলৈ ঢাপলি মেলাৰ লগতে একাংশই সংস্থাপন বিচাৰি হাবাথুৰি খাই অহাৰ মুহূৰ্ততে এই দুই যুৱকে “কুৱেল” চৰাই পালনেৰে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰাৰ লগতে নিবনুৱা সমস্যাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তিতাবৰৰ কিশোৰ হাজৰিকা আৰু ৰক্তিম শৰ্মা নামৰ যুৱক দুজনে কৰ্ম সংস্থাপনৰ অভাৱত পৰি চাকৰিৰ পাছত দৌৰি নাথাকি নিজাববীয়াকৈ গঢ়ি তুলিছে এখন “কুৱেল” চৰাইৰ ফাৰ্ম। অসম কৃষি বিশ্ববিদ্যালয়ৰৰ অধীনস্থ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কিছু পৰামৰ্শ লৈ তিতবৰত গঢ়ি তোলা “কুৱেল” চৰাইৰ ফাৰ্ম খনৰ পৰা সম্প্ৰতি এই দুই যুৱকে নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য দহ জন নিবনুৱাৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে। সাধাৰণতে হাঁহ কুকুৰা পালনেৰে বহু নিবনুৱা স্বাৱলম্বী হৈ আহিছে যদিও শেহতীয়াকৈ এই কুৱেল চৰাইৰ পালনৰ জৰিয়তে যে অধিক লাভালাভৰ ব্যৱসায় গঢ়ি তুলিব পাৰে সেই দিশটো নিবনুৱা সকলৰ সন্মুখত উন্মোচিত হৈছে। যাৰ ফলত ইতিমধ্যেই এই ব্যৱসায়ৰ প্ৰতি উজনি অসমৰ একাংশ নিবনুৱা যুৱক যুৱতী আকৰ্ষিত হৈ পৰিছে।

লক্ষণীয় যে গৱেষকৰ মতে কুৱেল চৰাইৰ মাংস আৰু কণীৰ বহু ঔষধি গুণাগুণ আছে। বাইশ তাতকৈও অধিক ৰোগৰ প্ৰতিষেধক ক্ষমতা থকা বুলিও গৱেষকে প্ৰকাশ কৰাৰ পাছতে ইয়াৰ মাংস আৰু কণীৰ চাহিদা বজাৰত যথেষ্ট পৰিমানে দেখিবলৈ পোৱা গৈছে। যাৰ ফলত এই লাভজনক ব্যৱসায়ৰ প্ৰতি একাংশ নিবনুৱা যুৱক যুৱতী আকৰ্ষিত হৈ পৰিছে। ইতিমধ্যে কিশোৰ হাজৰিকা আৰু ৰক্তিম শৰ্মাৰ অধীনত বিশ খনৰো অধিক কুৱেল চৰাইৰ ফাৰ্ম গঢ় লৈ উঠিছে। ফলত ইয়াৰ যোগেদি বহু সংখ্যক নিবনুৱা আত্মনিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ইলাক্ষী ডেকাই গোটেই প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে বুলি যুৱকদ্বয়ে জানিবলৈ দিছে। চাকৰিৰ পাছত দৌৰি নাথাকি নিজাৱীয়াকৈ স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হোৱা এই দুই যুৱকৰ ৯৮৫৪৭৯৭০৭৫ নতুবা ৯৮৫৪৮২৮৫২১ নম্বৰত যোগাযোগ কৰি ইচ্ছুক নিবনুৱা যুৱক যুৱতীয়ে কুৱেল চৰাই পালনৰ সম্পৰ্কত তথ্য লাভ কৰিব বুলি জনাইছে। সম্প্ৰতি কুৱেল চৰাই পালনেৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা যুৱকদ্বয়ৰ এনে কৰ্মই ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

 

চিত্তকমল বেজবৰা

তিতাবৰ

1 Comment
  1. Rakesh chetri says

    bohut bhal kotha sir amiu puhim

Leave A Reply

Your email address will not be published.