নাকেৰে ,জিভাৰে বাদ্যযন্ত্ৰ বজাই চৰ্চালৈ অহা যুৱকজন

0 518

সৰুৰে পৰা গান শিকাৰ প্ৰতি দুৰ্বাৰ হেপাহ আছিল।কিন্তু ঘৰৰ অৱস্থা এনে নহয় যে গান শিকিবৰ বাবে কোনো স্কুলত নাম লগাই দিব পাৰিব।সেয়ে মই পুনেলৈ গৈছিলো।পুনেত গৈ প্ৰথমে নিৰাপত্তাৰক্ষীৰ চাকৰিত জইন কৰো।দিনৰ ভাগত চাকৰি কৰি নৈশ ভাগত সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো।এই মন্তব্য কৃষ্ণমণি ডেকাৰ।নাক আৰু জিভাৰে বাদ্যযন্ত্ৰ বজাই সম্প্ৰতি চৰ্চালৈ আহিছে দৰঙৰ এই বিশেষ যুৱকজন।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত কৃষ্ণমণি ডেকাই এনেদৰে কয়- বিকলাংগ সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই এনেদৰে ব্যতিক্ৰম ধৰণে বাদ্যযন্ত্ৰ বজোৱা শিকো।উল্লেখ্যযোগ্য যে কৃষ্ণমণি ডেকাৰ বশিষ্ঠত সংগীতৰ স্কুল আছে।ইতিমধ্যে তেখেতে অনাতাঁৰ শিল্পী আৰু কী বাদক হিচাপে স্বীকৃতি লাভ কৰিছে।

Leave A Reply

Your email address will not be published.