ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ উদ্যোগত ২৫ নৱেম্বৰৰ পৰা উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ বিমান বন্দৰত পাঁচদিনীয়া কাৰ্য্যসূচী আৰম্ভ হৈছে বিমান পৰিবহন সুৰক্ষা সপ্তাহ। এই উপলক্ষে কালি বিয়লি বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ কাৰ্যালয় ড০ ভূপেন হাজৰিকা বাসগৃহত আয়োজিত এক সংবাদ মেলত প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বিমান পৰিবহন সুৰক্ষা সপ্তাহ পালনৰ তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ উপৰিও সঞ্জীৱ জিন্দালে এল চি ডি প্ৰজেক্টৰৰ সহায়ত বিমান এখন ৰানৱেত উৰামৰাৰ পৰা আৰম্ভ কৰি অৱতৰণ কৰালৈকে বিমানখনৰ পাইলটৈ বিমান বন্দৰৰ এয়াৰ ট্ৰফিক কণ্ট্ৰলৰ কৰ্মীসকলে পালন কৰিবলগীয়া নিয়ম সম্পৰ্কে বহলাই উল্লেখ কৰে। সংবাদ মেলত প্ৰাধিকৰণৰ চি এল এছ শাখাৰ মহাপ্ৰবন্ধক কুশল কুমাৰ, যুটিয়া মহাপ্ৰৱন্ধক মহম্মদ ইয়াচমিনকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া অভিযন্তাসকল উপস্থিত থাকে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত