মাটিৰে অলংকাৰ প্ৰস্তুত কৰা এগৰাকী উদ্যমী

0 429

nefocus

বিশ্বাস কৰিব নে আমি প্ৰকৃতিৰ পৰা সকলো পাও । আনকি নিজৰ কৰ্মৰ বাবে লাগতিয়াল সম্পদ সমূহ যদি কৈ গমি  চাও একদম নিচেই কাষতে পাম । অসমীয়াত এষাৰ কথা আছে -খাব জানিলে চাউলে চিৰা, বহিব জানিলে মাটিয়েই পীৰা । বুজা সকলে নিশ্চয়কৈ উক্ত কথাষাৰ মহত্ব বুজি পাইছে । আজি এনে এগৰাকী ব্যক্তিক আপোনালোকৰ মাজলৈ আনিছো- যি গৰাকী ব্যক্তিয়ে প্ৰকৃতিৰ অমূল্য অৱদান মাটিৰ পৰা প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ আ-অলংকাৰ ।

CollageMaker_20161031203822506

তেখেত চিম্কী বৰগোহাঁই । মহানগৰীৰ পাঞ্জাবাৰী বাসিন্দা। তেখেতে মুলটানী মাটি সদৃশ এয়াৰ ড্ৰাই ক্লে মাটিয়ে প্ৰস্তুত কৰিছে বিভিন্ন ডিজাইনৰ ৰং চঙীয়া আ- অলংকাৰ । চিম্কী বৰগোহাঁইয়ে ফেচবুকৰ ‌জৰিয়তে  আ- অলংকাৰৰ ব্যৱসায় চলাই আহিছে। এই সম্পৰ্কে চিম্কী বৰগোহাঁইৰ পৰা জানিব বিচাৰাত এনে দৰে কয়-মই খুবেই উৎসাহী আৰু আত্মবিশ্বাসী আছিলো। বিয়াৰ পিছত সাংসাৰিক কাৰণত দৃঢ়ভাবে কোনো কামত লাগিব পৰা নাছিলো। কিবা শিকিম বুলি ভাবি এনে সৃজনীমূলক কামৰ বিভিন্ন প্ৰশিক্ষণ লও। ইয়াৰ পিছৰ পৰা এনে কামৰ লগত জড়িত হৈ পৰো। প্ৰথৱাস্থাত বনোৱা বিলাকৰ ডিজাইন সিমান ভাল হোৱা নাছিল যদিও লাহে লাহে বনাই বনাই ভাল এটা অৱস্থা আহে।

CollageMaker_20161031203714790

উল্লেখযোগ্য যে Pranami Shape Your Idea নামৰ ফেচবুক একাউণ্টৰ জৰিয়তে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ উপৰিও কলিকতা, বাংগালোৰ আদিৰ গ্ৰাহকে অনলাইন যোগে ক্ৰয় কৰিছে।

স্মক্তৰ্ব্য যে সাধাৰণতে বজাৰত উপলব্ধ অলংকাৰ বোৰৰ মূল্য যথেষ্ট হোৱাৰ বিপৰীতে ক্লে  পৰা প্ৰস্তুত কৰা আ- অলংকাৰ বোৰ  মূল্য যথেষ্ট কম । ইয়াৰ উপৰিও যিসকলে মেটেল পিন্ধিলে এলাৰ্জি হয় সেইসকলে এনে আ-অলংকাৰ ব্যৱহাৰৰ বাবে অতি উপযোগী।

CollageMaker_20161031204129790

সম্প্ৰতি  চিম্কী বৰগোহাঁইয়ে ঘৰৰ পৰা এনে ব্যৱসায় চলাই গৈছে । তাতোতকৈ ডাঙৰ কথা অব্যৱহাৰ যোগ্য বুলি  বহুতে ভবা মটিয়ে অলংকাৰ প্ৰস্তুত কৰা কাৰ্য্যটো।

চিম্কী বৰগোহাঁই কৰ্ম দ্বাৰা আন দহজনো যাতে অনুপ্ৰাণিত হ’ব পাৰে তাৰ উদ্দেশ্যে উদ্যমী শিতানত  চিম্কী বৰগোহাঁই বিষয়ে আগবঢ়ালো। এনেধৰণৰ কাহিনীৰ বিষয়ে আপুনি যদি জ্ঞাত আমালৈ লিখিব পাৰে আমাৰ ই মেল- nefocus5@gmail.com

Leave A Reply

Your email address will not be published.