শিক্ষক দিৱসৰ আয়োজন

0 209

বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজতো শিক্ষক দিৱস উদযাপনৰ ব্যাপকভাৱে আয়োজন কৰিছে। ৫৮ তম শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মোৰাঝাৰ অঞ্চলৰ শিক্ষা জগতত অনবদ্য অৱদান আগবঢ়োৱা মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মুছাব্বিৰ, অৱসৰ প্ৰাপ্ত সহ শিক্ষক আব্দুল হাচিব,প্ৰাক্তন খেলুৱৈ তথা মোৰাঝাৰ চিনিয়ৰ মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত শিক্ষক কুতুব উদ্দিন সহ এই তিনি গৰাকী বিশিষ্ট শিক্ষকক গাইডেন্স ৱেল ফেয়াৰ ট্ৰাষ্টৰ ফালৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হ’ব। আনহাতে ৬ ছেপ্তেম্বৰত ষষ্ঠতম নবাগত আদৰণি সভা আৰু  সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে।আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলি আৰু বিশিষ্ট অতিথি হিচাপে মোৰাঝাৰ গাঁও পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমান । কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ট্ৰাষ্টীয়ে আয়োজন কৰা সমুহ কাৰ্যসূচীত কলেজৰ সমুহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে ট্ৰাষ্টৰ সম্পাদক তথা কলেজৰ অধ্যক্ষ ছাদিকুজ জামানে ।

খবৰ যুগুতালে মোৰঝাৰৰ পৰা ছাদিকুজ জামানে

Leave A Reply

Your email address will not be published.