সুস্থ জনমত গঢ়ি তুলিব পৰা কেইখন বিশেষ গ্ৰন্থৰ কথাৰে

0 226

আজি বিশ্বনাথ উদীয়মান সংঘত আৰম্ভ হ’ল কিতাপ পঢ়ো আহক এক শীৰ্ষক অনুষ্ঠানৰ। সঞ্জীৱ বৰা সোঁৱৰণী জনকল্যাণ প্ৰতিষ্ঠানৰ সৌজন্যত অনুষ্ঠিত অনুষ্ঠানটোত উদীয়মান সাংবাদিক হেমন্ত শৰ্মাৰ প্লাষ্টিকৰ পৃথিৱী শীৰ্ষক গ্ৰন্থখনে সজাগতা অনাৰ প্ৰয়াস কৰাৰ দেখা যায়।
প্লাষ্টিকৰ পৃথিৱী নামৰ প্ৰৱন্ধ সংকলনত লেখক তথা সাংবাদিক হেমন্ত শৰ্মাই প্ৰবন্ধ সংকলনটোৰ জৰিয়তে পৰিবেশ, সমাজ ব্যৱস্থা, যুৱ প্ৰজন্মৰ মানসিক দন্দ্বৰ সম্পৰ্কে বিভিন্ন বাৰ্তা বিলাইছে। যাৰ জৰিয়তে সুস্থ জনমত গঠনৰ হৈছে। জাতিৰ প্ৰতি দায়বদ্ধ হৈ বিশিষ্ট নিবন্ধকাৰ, সমালোচক ময়ুৰ বৰাৰ কলমেৰে লিখি উলিয়াইছে অসমীয়া জ্যোতি শীৰ্ষক এখন গ্ৰন্থ।অলপতে বাঁহৰ চুঙাত অসম “The unity in Diversity” শীৰ্ষক গ্ৰন্থখনি লিখি উলিয়াইছে ধেমাজিৰ প্ৰণতি দেৱী শৰ্মাই। গ্ৰন্থখনত অসমৰ ভৌগোলিক পাৰিপাৰ্শ্বিক ইতিহাসৰ সংক্ষিপ্ত বিৱৰণ পোৱা যায়।
ব্যক্তিত্ব বিকাশ আৰু মনৰ শক্তি শীৰ্ষক গ্ৰন্থখন ৰচনা কৰিছে ড০ শৈলেন দাসে। গ্ৰন্থখনৰ যোগেদি লিখকে নৱ প্ৰজন্মৰ  ব্যক্তিত্ব গঠন আৰু মনৰ শক্তিৰ বিষয়ে আলোকপাত কৰিছে। এই কেইখন হৈছে সম্প্ৰতি সময়ৰ সমাজ ব্যৱস্থাৰ তথা যুৱ প্ৰজন্মৰ মাজত ইতিবাচক বাৰ্তা বিলাব পৰা অন্যতম গ্ৰন্থ। এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com.

Leave A Reply

Your email address will not be published.