আজিৰ ৰেচেপি

0 435

মাছ, মাংস নহ’লেও কিছুমান নিৰামিষ খাদ্য খাই খুবেই আমেজ পোৱা যায়। কিন্তু প্ৰায়বোৰ নিৰামিষ খাদ্য আমি সকলোৱে ৰান্ধিব জানো যদিও ৰন্ধন প্ৰণালীবোৰ সকলোৰে পৃথক পৃথক হয়। তেনে কেইবিধমান খাদ্যৰ ৰন্ধন প্ৰণালী আগবঢ়ালে ৰাজীৱ শইকীয়াই।

চয়াবিনৰ আঞ্জা

IMG-20170910-WA0015

উপকৰণ- চয়াবিন, পিয়াজ, শুকান জলকীয়া, জালুকৰ গুৰি, বিলাহী চচ্, আলু।

প্ৰণালী- প্ৰথমে চয়াবিন খিনি পানীত তিয়াই থ’ব। কেৰাহীত তেল গৰম কৰি তাত  পিয়াজ, শুকান জলকীয়া দিব। অলপ কালাৰ হোৱালৈকে ভাজিব। তাৰ পিছত ইয়াৰ মিশ্ৰণটোত অলপ বিলাহী চচ্ দিব। লগতে নিমখ, হালধী, চয়াবিন আৰু আলু দিব। অলপ সময় সিজিব দি জালুক গুৰি দি ঢাকি থ’ব আৰু অলপ পানী দিব। উতল আহিলে নমাই থ’ব।

কণী আৰু কাবুলী বুটৰ আঞ্জা

IMG-20170910-WA0016

উপকৰণ- কণী, পটল, পিয়াজ, জিৰা, শুকান জলকীয়া, হালধি, তেল, বিলাহী, আদা-নহৰু মিশ্ৰণ।

প্ৰণালী- কণী কেইটা বইল কৰি অলপ ফ্ৰাই কৰি ল’ব। কেৰাহীত তেল গৰম কৰি তাত কাটি থোৱা পিয়াজ, শুকান জলকীয়া, আদা- নহৰুৰ মিশ্ৰণ দিব। এতিয়া এটা প্ৰেচাৰত আলু, কাবুলী বুট, পটল দি বইল কৰিব। ইয়াৰ লগতে হালধি, জিৰা নিমখ দিব। ৫ মিনিটমানৰ পিছত বিলাহী মিক্স কৰি কণীকেইটা দি ঢাকি অলপ পিছত গৰম ভাতৰ লগত পৰিবেশন কৰিব।

Leave A Reply

Your email address will not be published.