থাই সংস্কৃতিৰ মিলনভূমি নামফাকে গাওঁখন

0 538

অসমৰ পৰ্যটন ক্ষেত্ৰখন যে মাথো প্ৰকৃতিৰ ফালৰ পৰাই চহকী তেনে নহয়, বিভিন্ন স্ংস্কৃতি, পৰম্পৰাৰ উপস্থিতিয়ে সমন্বয় ৰক্ষা কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰখনত সোণত সুৱগা চৰোৱা স্বৰূপ কৰি   তুলিছে। তেনে উদাহৰণ সমূহ পৰিলক্ষিত হয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত। বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি-স্ংস্কৃতি, পৰম্পৰা সমূহে পৰ্যটনৰ দুৱাৰ মুকলি কৰি দিছে। কোনো এচাম লোক আকৌ তেওঁলোকৰ সুকীয়া সংস্কৃতি আৰু পৰম্পৰাৰ কাৰণে বিশ্ববিখ্যাত। আজি আমি জানোচোন আহক অসমৰ নাহৰকটীয়া অৱস্থিত এখন মনোমোহা গাৱঁৰ কথা, যাৰ উপস্থিতিয়ে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

4

নাহৰকটীয়া জিলাৰ পৰা ১৪ কি:মি: আঁতৰত অৱস্থিত এই গাঁওখনৰ নাম হৈছে “নামফাকে গাঁও”। টাইফাকে গাঁও নামেৰেও জনাজাত এই গাঁওখন হৈছে টাই-ফাকে জাতিটোক ধৰি ৰখা সৰ্ববৃহৎ গাঁও। প্ৰায় ১৫০ টা পৰিয়ালেৰে সমৃদ্ধ টাই লোকসকলে পুৰণি বৌদ্ধধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰা বহন কৰি আহিছে। গাঁও খনৰ মুখ্য আকৰ্ষণ হৈছে বৃহৎ বৌদ্ধ মঠটি। এই মঠটি, তাত থকা বৌদ্ধ ভিক্ষু সকলে ধ্যানঘৰ (meditation house)হিচাপে ব্যৱহাৰ কৰে। এই মঠটিত এটা অশোক স্তম্ভৰ উপস্থিতিয়ে ঠাইখনৰ শোভা দুগুণে বঢ়াইছে। পৰ্যটকক আকৰ্ষণ কৰা আন এক বিষয় বস্তু হৈছে “মুছলিন্দা” পুখুৰী। এই পুখুৰীটোত বুদ্ধদেৱৰ অতি সুন্দৰ মুৰ্তি স্থাপন কৰা হৈছে। বৌদ্ধ মঠটিৰ ভিতৰৰ সাজ-সজ্জাও মন কৰিবলগীয়া, শান্ত আৰু পৱিত্ৰ বাতাৱৰণত থকা এই মন্দিৰৰ ভিতৰত ৬ ফুট উচ্চতাৰ বুদ্ধদেৱৰ মুৰ্তিটোৱে মন্দিৰৰ সৌন্দৰ্য দুগুণে বঢ়াইছে।

2

ইতিহাসৰ মতে টাই-ফাকে জাতিৰ লোকসকল হ’ল সুদূৰ ১৮ শ শতিকাতে অসমলৈ অহা আহোমসকলৰ বংশধৰ। নামফাকে গাঁওখন তেওঁলোকৰ টাই লোক-স্ংস্কৃতিৰে ভৰপূৰ, তেওঁলোকে টাই ভাষা ব্যৱহাৰ কৰে। গতিকে গাঁওখনলৈ গ’লে পৰ্যটকসকলে টাই জনগোষ্ঠীৰ ৰীতি-নীতি তথা তেওঁলোকৰ পৰম্পৰাসমূহ দেখিবলৈ পাব। পৰ্যটকসকলৰ বাবে এই গাওঁখনলৈ যোৱাৰ উত্ত্ম সময় হৈছে মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহলৈ। কিয়নো মাৰ্চ মাহত নামফাকে গাৱঁৰ গাওঁবাসী সকলে পই-নেন-চি উৎসৱ উদ্‌যাপন কৰে। অসমত পালন কৰা বিহু শব্দতো তেওঁলোকে পালন কৰা “পি-হু” উৎসৱৰ পৰাই আহিল বুলি জনা যায়। এপ্ৰিল মাহত উদ্‌যাপন কৰা পি-হু ৰ উপৰিও তেওঁলোকে পই-চাং-কেন উৎসৱ উদ্‌যাপন কৰা দেখা যায়। নামফাকে গাঁৱত পৰ্যটকসকলে ইয়াৰে পৰম্পৰাগত নৃত্য- গীতৰ লগতে থলুৱা খাদ্যৰ সোৱাদ ল’ব পাৰিব।

1

নামফাকে গাঁওখন নাহৰকটীয়া চহৰৰ পৰা মাথো ১৪ কি:মি: দূৰত্বত হোৱা হেতুকে যাত্ৰাৰ বাবে যান বাহনৰ সুবিধা আছে। নাহৰকটীয়া ষ্টেচনৰ ওচৰত হোৱা হেতুকে ৰেল দ্বাৰাও যাত্ৰা কৰিব পাৰি, পৰ্যটকসকলে বিমান যোগেও নামফাকে গাওঁখনলৈ যাত্ৰা কৰিব পাৰে, নাহৰকটীয়াৰ পৰা ওচৰৰ বিমান বন্দৰটি হৈছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ।

গতিকে পাঠকসকল, অসমৰ  টাই-ফাকে সকলৰ বিষয়ে আৰু বহুতো কথা জানিবলৈ আপোনালোকে আহিব লাগিব নাহৰকটীয়াৰ এই বিখ্যাত গাঁওখনলৈ। এনেদৰে আৰু বহুতো আমোদজনক ঠাইৰ বিষয়ে পৰৱৰ্তী খণ্ডত মই আপোনালোকক ক’ম তাৰ বাবে চাবলৈ নাপাহৰিব, আমাৰ ৱেবচাইট, www.nefocus.com.

বন্দনা গগৈ

অসম ইন্‌ষ্টিটিউত অৱ্‌ মেনেজমেণ্ট

Leave A Reply

Your email address will not be published.