ন ৰূপত চৰাইদেউৰ পৰ্যটন ক্ষেত্ৰ

0 411

পৰ্যটকক আদৰিবলৈ নতুন ৰূপত সজোৱা হৈছে পৰ্যটকৰ আকৰ্ষণস্থলী চৰাইদেউ মৈদামক্ষেত্ৰ। চৰাইদেউ মৈদামক্ষেত্ৰৰ ৰাজ্যিক পুৰাতত্ব বিভাগৰ অধীনত থকা অংশৰ সন্মুখভাগত উদ্যান নিৰ্মাণ কৰা লগতে চৌহদৰ বেৰাত চূণ-তেল দি আকৰ্ষনীয়কৈ সজাই তুলিবলৈ প্ৰতিদিনে কৰ্মত ব্যস্ত আছে অৰ্ধ-শতাধিক লোক। সেউজবন নাৰ্চাৰীৰ অধীনত পৰ্যটকৰ আকৰ্ষণস্থলী চৰাইদেউ মৈদামক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। উল্লেখ যোগ্য যে চৰাইদেউ মৈদামক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত চুকাফা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব মানৰ পৰ্যটনস্থলীলৈ পৰিণত কৰিব পৰাকৈ এক কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ আছুতীয়া পুঁজিৰপৰা ঘোষণা কৰা এই আঁচনিৰ সুফল হিচাপে ৰাজ্যিক পুৰাতত্ব বিভাগৰ অধীনত থকা মৈদাম অংশৰ সৌন্দৰ্য বৰ্ধনৰ লগতে সংৰক্ষণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। আনহাতে ২০১৫-১৬ বৰ্ষত স্থানীয় যুৱকসকলৰ উদ্যোগত মৈদামক্ষেত্ৰত চৰাইদেউ মহোৎসৱ আয়োজন কৰাৰ পাছত চলিত বৰ্ষত চৰাইদেউ জিলা প্ৰশাসনে চৰকাৰী পৃষ্ঠপোষকতাত চৰাইদেউ মহোৎসৱ আয়োজন কৰি মৈদামক্ষেত্ৰলৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ফলত পৰ্যটকক অধিক আকৰ্ষিত কৰিব পৰাকৈ সৌন্দৰ্য বৰ্ধনৰ লগতে মৈদামৰ সংৰক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই যি পদক্ষেপ গ্ৰহণ কৰিছে তাত টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে সন্তোষ প্ৰকাশ কৰিছে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে।

Leave A Reply

Your email address will not be published.