এইচ ডি এফ চি বেংকৰ পদক্ষেপ

0 306

বিশ্ব অগ্ৰণী বেংক এইচ ডি এফ চি বেংকৰ এক অভিনৱ পদক্ষেপ ৷ ব্যৱসায়ীক ভ্ৰমণৰ প্ৰত্যাহ্বান দূৰ কৰা উদেশ্য এই পদক্ষেপ ৷ ব্যৱসায় ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ সহায় উদ্দেশ্যে এইচ ডি এফ চি বেংকে ভ্ৰমণ ব্যয় আৰু ইনভইচ ব্যৱস্থাপনাৰ সমাধান ছাপ কনকাৰ ভাৰতৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বেংক এইচ ডি এফ চি বেংক আৰু বিশ্ব বেংকৰ লেনদেন আৰু প্ৰযুক্তিৰ উদ্যোগত মাষ্টাৰ কাৰ্ডে উদ্যমীসকলৰ উদ্দেশ্যে উদ্যোগৰ ব্যয় পৰিচালনা কৰাৰ সামাধান সূত্ৰ হিচাপে এক কৌশলগত সহযোগিতাৰ বিষয়ে অলপতে ঘোষণা কৰে ৷
এই সুবিধা লাভৰ বাবে এইচ ডি এফ চি বেংকে উদ্যোগী ব্যৱসায়ী সকলক ক্ৰেডিট কাৰ্ড প্ৰদান কৰিব ৷ যাৰ জৰিয়তে ভ্ৰমণৰ সময়ত বিভিন্ন লেনদেনৰ সুবিধা একেটা স্থানতে লাভ কৰিব পাৰে ৷ ব্যৱসায় সম্বন্ধীয় ব্যয়ৰ নিৰৱচ্ছিন্নভাৱে সুবিধা উপলব্ধ কৰোৱাত ছপা কনকাৰে সহায় কৰিব বুলি কয় ৷ এই ছপা কনকাৰ সুবিধাৰ জৰিয়তে কৰ্মচাৰী অভিজ্ঞতা তথা দূৰদৰ্শিতা বৃদ্ধি , ধন সঞ্চয় আৰু ঔদ্যোগিক সক্ষমতাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ বেংকটোৱে ৷
উদ্যোগী ব্যৱসায়ী সকলে ভ্ৰমণ কালত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় ৷ কিন্ত এই ছপা কনকাৰে এই সকলো প্ৰত্যাহ্বান দূৰ কৰিব পাৰিব বুলি কয় ৷ ভাৰতীয় ব্যৱসায়ী
ভ্ৰমণকাৰীৰ ওপৰত ছপা কনকাৰে চলোৱা এক সমীক্ষাত প্ৰায় ৩০ শতাংশ লোকে ভ্ৰমণৰ পিছত ব্যস্ত কৰ্মদিন এটাৰ মাজত ব্যয়ৰ প্ৰতিবেদন দাখিল কৰাত বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হয় ৷ ব্যৱসায়ীক ভ্ৰমণ ব্যৱস্থাপনা সামাধানত বিদ্যমান ব্যৱধানৰ পৰিপ্ৰেক্ষিতত উক্ত সমীক্ষাত কৰ্মচাৰী সকলৰ প্ৰতিপত্তি নোহোৱা ভ্ৰমণ সম্বন্ধীয় ব্যয়ত ব্যক্তিগতভাৱে ৭০০০ টকা পৰ্যন্ত ব্যয় কৰিব লগা হয় ৷
ব্যৱসায়ীক ভ্ৰমণকাৰী সকলৰ নিৰুদ্বেগ উৎপাদনশীল যাত্ৰাৰ নিশ্চিত কৰা উদ্দেশ্যে এইচ ডি এফ চি বেংক আৰু ছপা কনকাৰ ছলিউচন ব্যৱহাৰ সুবিধা কৰে ৷

Leave A Reply

Your email address will not be published.