এইচ ডি এফ চি বেঙ্কে ভাৰতীয় বায়ুসেনা আৰু চি এচ চি একাডেমীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

0 51

এইচ ডি এফ চি বেঙ্কে আজি ভাৰতীয় বায়ুসেনাৰ সৈতে সহকাৰী বিমান কৰ্মচাৰী প্ৰধান একাউন্ট আৰু এয়াৰ ভেটাৰ্ন্সচ তথা চি এচ চি একাডেমীৰ কাৰ্য্যালয়ৰ জৰিয়তে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।বিশেষ দিনটোত এইচ এ কে কে (হাৱাই অনুভবী কল্যাণ কেন্দ্র) প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়।যিসকলে ইতিপূর্বে সেৱা আগবঢ়াইছে তেওঁলোকৰো সেৱা আগবঢ়োৱা হয়।প্ৰকল্প এইচ এ কে কে প্ৰতিৰক্ষা পেঞ্চনাৰ,প্ৰাক্তন আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সমৰ্থন তথা সেৱা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
আৰম্ভণিতে, বায়ুসেনা গোটবোৰত ২৫ টা কেন্দ্রৰ প্ৰস্তাৱ দিয়া হৈছে,যাৰ ভিতৰত আছে নতুন দিল্লী, বেঙ্গালুৰু, গুৰগাওঁ, পুনে, চেকেন্দ্ৰাবাদ, গুৱাহাটী, যোধপুৰ আৰু চণ্ডীগড়।
এইচ ডি এফ চি বেঙ্কে পৰিবৰ্তন কাৰ্য্যসূচীৰ অধীনত প্ৰতিৰক্ষা সেৱাৰ প্ৰাক্তন তথা আত্মীয়সকলৰ বাবে অৰ্থনৈতিক সামগ্রিকতা গঢ়ি তোলাৰ সৈতে জড়িত হ’ব।বেঙ্কে চি এচ চি একাডেমীৰ সহযোগত (কমন চাৰ্ভিচ চেন্টাৰ ই-গভৰ্নেন্স লিমিটেডৰ দ্বাৰা প্ৰচাৰিত) বিত্তীয় সামগ্রী আৰু সেৱাসমূহত দক্ষতা বিকাশ আৰু প্ৰশিক্ষণো প্ৰদান কৰিব,তেওঁলোকক আৰ্থিকভাৱে স্বতন্ত্র হ’বলৈ ক্ষমতাও প্ৰদান কৰিব।এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে বৈকল্পিক বেঙ্কিঙ চেনেল আৰু অংশীদাৰীত্ব এইচ ডি এফ চি বেঙ্কৰ কাৰ্য্যবাহী উপ-সভাপতি আৰু ব্যবসায়িক মূৰব্বী শ্রীচৈতন্য মোডী,এয়াৰ ভাইচ মাৰ্শ্বেল উপদেশ শৰ্মা,ভি এচ এম এয়াৰ ষ্টাফৰ সহকাৰী প্ৰধান (একাউন্ট এণ্ড এয়াৰ ভেটাৰ্ন্সচ) সহিতে চি এচ চি একাডেমীৰ মুখ্য কাৰ্য্যবাহী বিষয়া শ্রীপ্ৰবীণ চান্দেকাৰে।
অনুষ্ঠানত ভাষণ দিয়া স্মিতা ভগতে কয়,এই বুজাবুজিৰ চুক্তিখনে ভাৰতীয় বায়ুসেনাৰ প্ৰবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতাক আলোকপাত কৰিছে। এইচ ডি এফ চি বেংকে দেশৰ প্ৰতি সশস্ত্ৰ বাহিনীৰ অৱদানক গভীৰভাৱে সন্মান জনাইছে আৰু এই কেন্দ্ৰসমূহৰ জৰিয়তে আমি প্ৰাক্তন সেনা আৰু শ্বহীদ উভয়ৰে পৰিয়ালক গুৰুত্বপূৰ্ণ বেংকিং সেৱা আগবঢ়োৱাৰ লক্ষ্য ৰাখিছো।
সঞ্জয় ৰাকেশ তেওঁৰ ভাষণৰ সময়ত কয় যে আমাৰ বায়ুসেনাৰ প্ৰবীণ সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু আত্মীয়সকলক জি টু চি আৰু স্পাৰ্চ পেঞ্চন সেৱা প্ৰদান কৰি আমি আমাক সেৱা আগবঢ়োৱাসকলক সহায় কৰিবলৈ পাই গৌৰৱান্বিত হৈছো। তেওঁলোকৰ কল্যাণৰ প্ৰতি আমি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰিছো।
বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থকা সন্মানিত বিশিষ্ট ব্যক্তিবর্গ আছিল এয়াৰ মাৰ্শ্বেল পি কে ঘোষ,এ ভি এচ এম প্ৰশাসনৰ ভাৰপ্ৰাপ্ত বায়ু বিষয়া,গ্ৰুপহেড, এইচ ডি এফ চি বেঙ্কৰ শ্রীস্মিতা ভগত,চি এচ চি একাডেমীৰ অধ্যক্ষ শ্রীসঞ্জয় ৰাকেশ আৰু ভাৰতীয় বায়ুসেনা,এইচ ডি এফ চি বেঙ্ক তথা চি এচ চি–ই গভৰ্নেন্সৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল।
প্ৰতিৰক্ষা সৈনিক/প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে আধাৰ সেৱা, এন পি এচ, পেন কাৰ্ড, পাছপোৰ্ট,বিল সংগ্রহ ইত্যাদিকে আদি কৰি ৫০০ শতাধিক জি২ চি আৰু বি ২ চি সেৱাও লাভ কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.