এয়াৰটেল থেংকচ এপ এতিয়া অসমীয়াত উপলব্ধ

0 314

ডিজিটেল উত্তৰণৰ হস্তক্ষেপৰ জৰিয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশ হিচাপে ভাৰতী এয়াৰটেলে আজি প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংকচ এপ মুকলিৰ কথা ঘোষণা কৰে।এই বৈশিষ্ট্যটো এন্দ্ৰইডত ইতিমধ্যে উপলব্ধ আৰু আই অ এচ (ios)ত অতি সোনকালেই উপলব্ধ হ’ব।
 
 
 
বিশেষকৈ সৰু চহৰ আৰু গাওঁবোৰত হোৱা স্মাৰ্টফোনৰ বৰ্ধিত অনুপ্ৰৱেশৰ ফলত গ্ৰাহকসকলক অধিক মাতৃভাষাত অনলাইন অভিজ্ঞতাৰ বাবে নজৰ দিয়ে । এয়াৰটেল থেংকচ এপৰ এই নতুন বৈশিষ্ট গ্ৰাহক সকলৰ বাবে অধিক গ্রহণযোগ্য হোৱাৰ লগতে ভাষাই সৃষ্টি কৰা বাধা সমূহ আঁতৰ কৰি ব্যৱহাৰকাৰীক সৰল আৰু অতি সক্ৰিয় অভিজ্ঞতা আগবঢ়াব।
 
 
এয়াৰটেল থেংকচ এপ এয়াৰটেল সেৱা সমূহলৈ এক ডিজিটেল প্ৰৱেশ পথ। ই গ্ৰাহকৰ এ.আৰ.পি.ইউ ৰ ওপৰত ভিত্তি কৰি গ্ৰাহকৰ মনোগ্ৰাহী হোৱাকৈ আন্তঃপৃষ্ঠ – ছিলভাৰ, গ’ল্ড, প্লেটিনাম হিচাপে বিভক্ত কৰে। এই এপটোৱে এয়াৰটেল স্মাৰ্টফোন গ্ৰাহক সকলক ডিজিটেল চেল্ফ কেয়াৰ- ৰিচাৰ্জ কৰিবলৈ, বিল পৰিশোধ কৰিবলৈ, প্ৰকৃত ডাটা ব্যৱহাৰৰ/বেলেঞ্চৰ বিতং তথ্যৰ বাবে প্ৰবেশাধিকাৰ আগ বঢ়ায়। গ্ৰাহক সকলে সেৱা সম্বন্ধীয় প্ৰতিবন্ধকতা সমূহ মাত্ৰ কেইটামান ক্লিকতে জনাব পাৰে। এই এপটোৱে ডিজিটেল লেনদেন আৰু বিত্তীয় সেৱা সমূহৰ লগতে এয়াৰটেলৰ ডিজিটেল মনোৰঞ্জনৰ ভঁৰালৰ পূৰ্বদর্শনৰ প্ৰবেশাধিকাৰ সুবিধা আগবঢ়ায়।
 
 
ভাৰতী এয়াৰটেলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চি.অ’.অ’, শোভন মুখাৰ্জীয়ে কয় যে এয়াৰটেলত আমি গ্ৰাহকৰ সমস্যা সমাধানৰ আৰু ডিজিটেল প্ৰযুক্তিসমূহৰ সহায়ত তেওঁলোকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে অনুৰক্ত। ভাৰত যিহেতু স্মাৰ্টফোনৰ দেশলৈ পৰিৱৰ্তিত হৈ আছে আৰু প্ৰায় ৩০ৰ পৰা ৩৫ শতাংশ এয়াৰটেল থেংকচ এপ ব্যৱহাৰকাৰীৰ ২/৩ ভাগ চহৰ আৰু গাঁৱৰ বজাৰ সমূহৰ পৰা আহে। অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংকচ এপ অধিক প্ৰাসংগিক আৰু স্থানীয় গ্ৰাহক সকলৰ বাবে গ্ৰহণযোগ্য আৰু তেওঁলোকক এয়াৰটেলৰ ডিজিটেল সেৱা সমূহৰ সম্পূৰ্ণ সম্ভাৱনীয়তা খোলাৰ বাবে সক্ষম কৰি তোলে।
এয়াৰটেলৰ প্ৰিপেইড গ্ৰাহক সকলে এতিয়া একাধিক ভাৰতীয় ভাষা যেনে, অসমীয়া, বঙালী, গুজৰাটী, হিন্দী, কানাড়ী, মাৰাঠী, মালায়ালম, পাঞ্জাবী, তামিল, তেলেগু, উড়িয়াত পাব পাৰে।
এয়াৰটেল থেংকচ এপ সম্পূৰ্ণ ডিজাইন আৰু  এয়াৰটেলৰ নিজা অভিযন্তাৰ দলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.