সূৰ্য চিমেণ্ট আৰু মৈথাম ষ্টীলে প্ৰৱৰ্তন কৰিছে হাঁসি-খুশী ৰোগ প্ৰতিৰোধক ক্ষমতা শিবিৰ

0 300

মৈথাম গ্রুপৰ অধীনৰ এক ধজ্বাবাহী ফ্লেপশ্লিপ বেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উদ্যোগ সূৰ্য চিমেণ্ট আৰু ভৱন নিৰ্মাণ উদ্যোগ মৈথান ষ্টীল টিত্ৰমাটি বাৰে যুটীয়াভাৱে হাঁসি-খুশী ইমিউনিটী শীৰ্ষক এক মাহজোৰা শিবিৰ আয়োজন কৰিছে।এই শিবিৰটো ক’ভিড-১৯ৰ সাৱধানতা আৰু সজাগতা শিবিৰৰ অংশ হিচাপে ক’ভিড-১৯মহামাৰী সময়ছোৱাত জনসাধাৰণ স্বাস্থ্যবান হৈ থকা তথা ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
 
 
 
হাঁসি-খুশী ইমিউনিটী জৰিয়তে জীৱনটো সুখী কৰি তোলা ধাৰণাক উজ্জ্বীৱিত কৰি তোলা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । হাঁহি আৰু সুখে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ।গৱেষণাকাৰী সকলে হাঁহি আৰু সুখে শৰীৰত এন্টিব’ডীৰ ক্ষমতা বৃদ্ধি কৰি কোষসমূহক ৰোগ প্ৰতিৰোধক ক্ষমতাও বৃদ্ধি কৰে বুলি ফলাফল প্ৰদৰ্শিত কৰিছে।
 
 
দীঘলীয়া ক’ভিড-১৯ লকডাউনে দেশত অৰ্থনীতিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য সম্বন্ধীয় অনিশ্চয়তাৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত অসহজ পৰিস্থিতি সৃষ্টি কৰিছে। উদ্বেগ অৱস্থা ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস কৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে। সমাজে ঐক্যবদ্ধভাৱে আৰু সামূহিক শক্তিৰ সহায়ত প্ৰত্যাহ্বান মূলক সময়ক মোকাবিলা কৰিবলৈ সক্ষম বুলি সূৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে বিশ্বাস কৰে। এই যুটীয়া শিবিৰৰ দ্বাৰা গ্ৰাহক আৰু ব্যৱসায়ী অংশীদাৰ মাজত সুখী কনটেণ্ট সৃষ্টি কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
 
হাঁহি আৰু সুখৰ এক নিয়মীয়া ড’জে সমাজত আশাবাদৰ সৃষ্টি কৰিব। মৈথান ষ্টীলৰ কৰ্মচাৰী সকল তথা সহযোগী সকলৰ যুটীয়া প্ৰচেষ্টা অহৰহ হাঁহি শৃংখলা প্ৰথমটো এক ইন-হাউছ ভিদেঅ নিৰ্মান কৰা হৈছে। সূৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে টিত্ৰমটি বাৰে ক’ভিড-১৯ ত কৈও সুখী অনুভৱ কৰাটো অধিক সংক্ৰামক বুলি বিশ্বাস কৰে ।আৰু ইয়াৰ জৰিয়তে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় বুলি বিবেচনা কৰে।
 
 
মৈথান ষ্টীল আৰু পাৱাৰ এণ্ড পূৰ্বাঞ্চল চিমেণ্ট পৰিচালন সঞ্চালক শ্ৰী মধুৰ আগৰৱালাই এই কথা কয় যে – আমি আমাৰ ষ্টেকহ’ডাৰ, সহযোগী আৰু সমাজক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি ক’ভিড-১৯বিৰুদ্ধে যুঁজিবলৈ এক নিয়মীয়া আৰু নিৰৱছিন্ন অভিযান প্ৰণয়ন কৰিছো। আমি ক’ভিড-১৯বিৰুদ্ধে যুঁজা সকলো চিকিৎসক, স্বাস্থ্য কৰ্মী,চৰকাৰ আৰু বেচৰকাৰী প্ৰশাসন, ব্যক্তি বিশেষক অভিবাদন জনাইছো।
 
 
এই অভিযানৰ সময়ছোৱাত সূৰ্য চিমেণ্ট আৰু মৈথান ষ্টীল টিত্ৰমটি বাৰে ডিলাৰ আৰু গুৰুত্বপূৰ্ণ গ্ৰাহক সকলক ক’ভিড যোদ্ধাৰ কিট প্ৰদান কৰিছে । এই কিটত থাকিব ফে’চ মাস্ক,মুখৰ আৱৰণ, ছেনিটাইজাৰ, গ্ল’ভছ আৰু অন্যান্য প্ৰতিৰোধক কিট ।এই কিটৰ দ্বাৰা সামাজিক সংক্ৰমণৰ প্ৰতিৰোধ কৰা সহায়ক হ’ব।
 
ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা বাবে তথা বিভিন্ন সংক্ৰমণ পৰা আমাক ৰক্ষা কৰাৰ বাবে এক শক্তিশালী ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ়ি তুলিবলৈ চৰকাৰ তৰফৰ পৰাও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Leave A Reply

Your email address will not be published.