১০০০তকৈও অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ ২.০

0 308

প্ৰথম সংস্কৰণ অভূতপূৰ্ব সফলতা পিছত এইচডিএফচি বেংকে আজি মুকলি কৰিছে বিত্তীয় বাৰ্ষিক সেৱা অফাৰ ফেষ্টিত ট্ৰিটছ ২.০ । ইয়াতে সংযোজিত হৈ আছে গ্ৰাহকৰ বাবে ১০০০ তকৈ অধিক অফাৰ। গ্ৰাহকৰ বাবে আগবঢ়োৱা এই ধামাকা অফাৰত বেংকৰ ঋণকে ধৰি বেংকিং সুবিধা ১০০০তকৈও অধিক অফাৰৰ সৈতে মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলক সামৰি ল’বলৈ ২০০০তকৈও অধিক হাইপৰলোকেল অফাৰ। অগ্ৰণী ব্যৱসায়ীৰ সৈতে স্থানীয় ব্যৱসায়ীক জড়িত কৰি এই হাইপৰলোকেল অফাৰৰ ঘোষণা কৰা হৈছে।
 
 
ক’ভিড-১৯ অভূতপূৰ্ব স্থিতিৰ বাবে গ্ৰাহকৰ সুৰক্ষা দিশটো প্ৰতি লক্ষ্য ৰাখি চলিত বর্ষত সকলো অফাৰ আৰু প্ৰস্তাৱ ডিজিটেল কৰা হৈছে।ডিজিটেল মাধ্যমৰ জৰিয়তে গ্ৰাহকে ঘৰৰ পৰাই বেংক শাখা সহযোগী ষ্টোৰ ডিলাৰশ্বিপৰ সুবিধা ল’ব পাৰিব। চলিত শীতকালি ট্ৰীটছ ফেষ্টিভেলৰ সময়ছোৱাত বেংকক মোবাইলৰ সৈতে উপভোক্তা যুগমীয়া আৰু ইলেকট্ৰনিকেল শ্ৰেণী লগত সাজ পোছাক গহনা আদি সঠিক কৰাৰ উৎসৱৰ সময় গ্ৰাহকৰ বাবে। এই অফাৰ খুচৰাৰ লগতে বিত্তীয় সমাধান সম্পূৰ্ণ কৰাৰ বাবে উপলব্ধ হ’ব। গ্ৰাহকে বেংক ঋণত প্ৰচেছিং ফিচ ৰেহাই সুবিধা লাভ কৰা ইএমই কেছবেক উপহাৰ কুপন আৰু অন্যান্য সুবিধা অথবা অফাৰ লাভ কৰিব। এইচডিএফচি বেংকে ক্ষুদ্ৰ বেণ্ডৰ সৈতে লগ লাগি ক্ষুদ্ৰ বিপনী আৰু অনলাইন বিপনীৰ পৰা সামগ্ৰী ক্ৰয়ত ৰেহাই অফাৰ কেছবেক আৰু অতিৰিক্ত পুৰস্কাৰ ঘোষণা কৰিছে।
অনলাইন ব্যৱসায়ৰ বৃহৎ কোম্পানী যেনে এমাজন,টাটাক্লিপ, মিন্ত্ৰা,পেপৰফ্ৰয়,ছুইগি আৰু গ্ৰফৰ্চ ত এই সময়ছোৱাত বিশেষকৈ অফাৰ লাভ কৰিছে।ইয়াৰ লগতে খুচৰা আৰু উপভোক্তা ব্ৰেণ্ড যেনে লাইফষ্টাইল,বাটা, মণ্টে কাৰ্লোতো থাকিব বিশেষ অফাৰ। সমান্তৰালকৈ বিজয় চেলছ, কোহিনুৰ, জিঅৰটি ORRA ৰ দৰে কিছু বৃহৎ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম আছে।যিয়ে বিভিন্ন উৎপাদনত সেৱা ৰূপে ৫ শতাংশ পৰা ১৫ শতাংশলৈ কেছবেক আগবঢ়াব। মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলত ৫৩ শতাংশ শাখাৰ সৈতে বেংকে দেশৰ পিছপৰা কোণলৈ এই অফাৰ আগবঢ়োৱা পৰিকল্পনা কৰি আছে।আঞ্চলিক পৰ্যায়ত ২০০০তকৈও অধিক অফাৰ আগবঢ়োৱা বাবে ইয়াত হাইপৰলোকেল ষ্টোৰ আৰু কিৰান্সৰ সৈতে চুক্তি কৰিছে।
এই ৰাষ্ট্ৰীয় অভিযান ডিজিটেল মাধ্যম মুকলি কৰে এইচডিএফচি বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুখ প্রেমেণ্ট বিজনিছ মৰচেণ্ট একুইৰিং চাৰ্ভিছ আৰু মাৰ্কেটিং পৰাগ ৰাওৱে এইডিএফচি বেংকৰ পৰিচালনা সঞ্চালক আদিত্যপুৰীয়ে এই উপলক্ষে অভিনন্দন জনায়। এইডিএফ বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুখ পৰাগ ৰাওৱে কয় উপভোক্তাই লকডাউনৰ সময়ছোৱাত বেংকলৈ উভতে আৰু অধিক মাত্ৰাত বেংকে প্ৰণালীৰ চাহিদা বৃদ্ধি কৰে।লগতে তেওঁ কয় যে যোৱা দুই তিনি মাহত আমি গ্ৰাহকৰ ৰুচি আৰু পেটাৰ্ন ক্ৰয় কৰা প্ৰক্ৰিয়া নতুনকৈ দেখা গৈছে।
সেইবাবে ১০০০তকৈও অধিক বেণ্ডত অফাৰ দিয়া হৈছে এটা স্থানৰ পৰা সকলো বেংকিং সামগ্ৰীত।আমাৰ বিশ্বাস আছে যে আমি গ্ৰাহকৰ প্ৰতিটো সপোন পূৰণ কৰিম।

Leave A Reply

Your email address will not be published.