আজি ২অক্টোবৰ।জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিন।১৮৬৯চনৰ আজিৰ দিনটোতে গুজৰাটৰ পুৰবন্দৰত গান্ধীজীয়ে জন্মগ্ৰহণ কৰিছিল ।গান্ধী কোন আৰু তেখেতৰ কৰ্মজীৱন কেনে আছিল এই বিষয়ে সকলোৱে কম বেছি পৰিমাণে জ্ঞাত।সত্য আৰু অহিংসাৰ বাণীৰে গান্ধীয়ে সকলোৱে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল ।যাৰ বাবে আজি সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।তেখেতৰ জীৱন দৰ্শনত প্ৰতিফলিত হৈছিল এক বিশেষ ব্যক্তিত্ব ।সেয়েহে তেখেতে কৈছিল ব্যক্তিত্বৰ মাপ চৰিত্ৰহে নিৰূপণ কৰে, কাপোৰেৰে নহয় ।বিশেষকৈ সময়ৰ মূল্য বুজি পাইছিল।জীৱনৰ প্ৰতিটো মুহুৰ্তক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছিল ।বেয়া নক’ব,বেয়া নুশুনিব আৰু বেয়া নেচাব এই নীতিক বিশ্বাস কৰিছিল।বিশেষকৈ স্বাধীনতা আন্দোলনৰ সময়ত সমগ্ৰ দেশবাসীৰ মাজত অহিংসাৰ বাণী বিলাইছিল।স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক সজাগ কৰি তুলিছিল। তেখেতে ভাৰতীয় দৰ্শনৰ উপৰিও প্ৰাচ্য দৰ্শনক বিশ্বাস কৰিছিল।এয়া আছিল গান্ধী দৰ্শনৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ।এই ধৰণৰ লেখাৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ কমক ।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান