উত্তৰ পূবৰ বাবে পৃথক টাইম জ’ন হ’ব।উত্তৰ পূবৰ মানুহৰ কৰ্মদক্ষতা বাঢ়িব ।বিদ্যুৎ ৰাহি হ’ব।এই কথা সদৰী কৰি ৰাষ্ট্ৰীয় ভৌতিক প্ৰয়োগশালাৰ সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰে যে ইয়াৰ জৰিয়তে উত্তৰ পূবত ২কিলোৱাট বিদ্যুৎ ৰাহি হ’ব।এই খবৰ প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ ৰাজ্যৰ বিজ্ঞ মহলত বিষয়টোৱে চৰ্চা লাভ কৰিছে ।সঁচাকৈয়ে টাইম জ’ন চেঞ্জ দৰকাৰী নে ইয়াৰ দ্বাৰা কেনে প্ৰভাৱ পৰিব এই সম্পৰ্কে আমি কথাপাতিছিলো গুৱাহাটীৰ আই আই টি বিজ্ঞানী উৎপল বৰাৰ সৈতে, তেখেতে এই সম্পৰ্কে এনেদৰে জনায়-ইউৰোপ দেশবোৰৰ টাইম জ’ন সলনি হোৱাৰ সময়ত সেই দেশৰ লোকসকলে অসুবিধাৰ সন্মুখীন হৈছিল।আমেৰিকাত কেবাটাও টাইম জ’ন আছে ।আমেৰিকাৰ প্ৰায়বোৰ লোক শিক্ষিত।সেই হিচাপত উত্তৰপূবক আমেৰিকাৰ লগত তুলনা কৰিব নোৱাৰি ।কাৰণ উত্তৰ পূবৰ জৈৱ বৈচিত্ৰ্যতা, পৰম্পৰা,মানুহৰ মানসিক স্থিতি বৃহৎ তাৰতম্য ঘটিব।বিশেষকৈ ৰেল সেৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব।টাইম জ’ন সলনি কৰিলে পৰীক্ষণমূলকভাৱেহে চাব লাগে ।কাৰণ ইয়াৰ দ্বাৰা সুবিধা অথবা লাভতকৈ অসুবিধা হোৱা সম্ভৱনাহে প্ৰৱল।উল্লেখযোগ্য যে ইতিপূৰ্বে সময়ে সময়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে টাইম জ’ন সলনি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জনাই আহিছিল।এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে,সেয়া সময়তহে জনা যাব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন