পোহৰৰ উৎসৱ দীপাৱলীয়ে কঢ়িয়াইছে আনন্দৰ বতৰা

0 250
Happy-Diwali-2017-HD-Photos-1024x576
পোহৰৰ উৎসৱ মানেই দীপাৱলী। এই উৎসৱত কেৱল পোহৰৰ সমাহাৰ নঘটে, সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ। যুগৰ পৰিৱৰ্তনৰ লগে লগে দীপাৱলী পালনৰ ক্ষেত্ৰত বহু পৰিৰ্ৱতন আহিল। জনশ্ৰুতি অনুসৰি ৰামে ১৪ বছৰ বনবাস খাটি যেতিয়া অযোধ্যালৈ আহিছিল, ৰামৰ ভক্ত প্ৰজাগণে আনন্দতে মতলীয়া হৈ পোহৰৰ উৎসৱৰ আয়োজন কৰিছিল, আৰু তেতিয়াৰ পৰা এনেদৰে এটা বিশেষ দিনত দীপাৱলী উদযাপিত হৈ আহিছে। দীপাৱলী উদযাপন সৰ্ম্পকে বিভিন্ন মত থাকিলেও এইটো কথা নিশ্চিত যে দীপাৱলী পোহৰৰ উৎসৱ, আনন্দৰ উৎসৱ। 
IMG-20171019-WA0030
দীপাৱলীত আপোন ঘৰখনক সজাই পৰাই তুলিবলৈ বহুজনে বহু আয়োজন কৰে। বহু ক্ষেত্ৰত অঘোষিত প্ৰতিযোগিতাত লিপ্ত হোৱা দেখা যায় ।তেতিয়া বজাৰত গ্ৰাহকৰ চাহিদা অনুসৰি বিভিন্ন সা- সামগ্ৰী বজাৰত উপলব্ধ হয়। 
IMG-20171019-WA0029
 
এইবাৰ মহানগৰীৰ অধিকাংশ বিপনীত দেখা গ’ল বৰপেটা অথবা নলবাৰীৰ পৰা অনা সা-সামগ্ৰীৰ পয়োভৰ। সেয়া লাগিলে মাটিৰ চাকিয়ে হওক নতুবা আতচবাজিৰ সামগ্ৰীয়ে হওক। মাটিৰ চাকি, বিভিন্ন সা-সামগ্ৰীৰ সৰ্ম্পকে আমাৰ নলবাৰীৰ সাংবাদিক কৈলাস ডেকাই জনাইছিল – কি দৰে ২০০ বছৰ ধৰি পুৰুষানুক্ৰমে চলি থকা এটা বৃত্তি নলবাৰীৰ বাহজানী গাঁওৰ লোকসকলে চলাই নিছে। যুগৰ পৰিৱৰ্ত্তনৰ সমান্তৰালকৈ এইবাৰ বজাৰলৈ আহিছে মিছন চাইনা কলগছ, আৰ পি শৰ্মা কলগছ, এন আৰ চি আতচবাজী। উল্লেখযোগ্য যে উল্লেখিত সামগ্ৰী সমূহৰ গুৱাহাটীত বজাৰ মূল্য নিম্নতম ৩০ টকাৰ পৰা ৩০০০ টকালৈকে  উপলব্ধ ।খুচুৰা ভাৱে বহা স্থানীয় ব্যৱসায়ী সকলৰ আনন্দ দেখা পায়, এটা কথা অনুভৱ হৈছে যে চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ  সকলোৱে যেন সাজু আছে।
IMG-20171019-WA0032
দীপাৱলীত বহুতে ফটকা, ব’ম ফুটাই অতিশব্দ অৰ্থাৎ শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। যাৰ ফলত বয়সীয়া অসুস্থজন ৰোগাক্ৰান্ত হয়। শব্দৰ লগতে বায়ুৰ প্ৰদূষণে যাতে পৰিবেশক অনিষ্ট কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰখাতো অত্যন্ত জৰুৰী। দীপাৱলীৰ নামত অযথাত ব্যয় কৰা অৰ্থৰ আধাৰো আধা যদি গৃহহীন অথবা অনাথ সকলক দান দিওঁ সুখেৰে এসাঁজ খাব, লগতে আৰ্শীবাদো পাব। প্ৰিয় পাঠক, দীপাৱলীৰ পোহৰে মনৰ তমসা দূৰ কৰি আনন্দৰ নিজৰা বোৱাই তোলক, তাকে কামনা কৰিলো। হেপ্পী দীৱালী টু ইউ।
Leave A Reply

Your email address will not be published.