প্ৰেছ দিৱসৰ খবৰে

0 229

WhatsApp Image 2017-11-16 at 4.45.16 PM

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱস উপলক্ষে সংবাদ সেৱী সকলে বিভিন্ন কাৰ্য্যসুচীৰে এই দিৱস পালন কৰে। দিছপুৰ প্ৰেছ ক্লাৱতো জাৰ্ণেলিষ্ট ফেডাৰেচন অফ আসাম (জাফা) উদ্যোগত উদযাপিত হয় প্ৰেছ দিৱস। আজি উদযাপিত হোৱা দিৱসত জ্যেষ্ঠ সাংবাদিক ৱাচবীৰ হুছেইনে দি গল বহুতো তত্বগধুৰ পৰামৰ্শ। তেখেতে ক’লে যে সাংবাদিক সকলে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে। বহু ক্ষেত্ৰত দায়বদ্ধতাৰে কাম নকৰিলে সমাজ কলুষিত হোৱা সম্ভাৱনা অতি প্ৰকট। সাংবাদিকৰ একতাই মাজেঠিয়া প্ৰসঙ্গত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব। গতিকে সকলো সাংবাদিককে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়। এই দিৱসৰ লগত সংগতি ৰাখি ৯ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সেই সকল হ’ল হেমেন দাস (প্ৰশাসানিক বিষয়া), ধনসিং ৰংপি (বিশিষ্ট ক্ৰীড়া সংগঠক), মেক্ৰি টিছোপি (বিশিষ্ট সমাজসেৱিকা), অৰবিন্দ ৰায়(ব্যু চীফ হিন্দুস্তান সমাচাৰ), প্ৰমোদ টীৱাৰী( নিষ্পেক্ষ সমাচাৰ জ্যোতি), ললিত গগৈ (অসমীয়া প্ৰতিদিন), ভৱেন তিমিৰে (দ্যা চেণ্টিনেল), দীপ জ্যোতি গোস্বামী (মূখ্য বাৰ্তা সম্পাদক দৈনিক জনমভূমি) আৰু ৰবীন্দ্ৰ কুমাৰ ডেকা (আমাৰ অসম কাকতৰ নাওকটাৰ প্ৰতিনিধি)। এই অনুষ্ঠানত ৱাচবীৰ হুছেইন, শংকৰ দাস, যাদৱ ডেকা, অমল গুপ্ত, পি কে দত্তই অংশ গ্ৰহণ কৰে।

WhatsApp Image 2017-11-16 at 4.45.57 PM

আনহাতে, আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ চমুকৈ আপকুৰ গৌৰৱজ্জ্বল ২৪ টা বৰ্ষ অতিক্ৰম কৰি এইবেলি ২৫ বৰ্ষত ভৰি দি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কামৰূপ জিলা সমিতিৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলনে শুভাৰম্ভ কৰাৰ পিছতে এখন সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিংৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দৈনিক জনমভুমি সম্পাদক উৎপল বৰুৱা, জ্যেষ্ঠ সাংবাদিক যাদৱ সেন ডেকা, অসমীয়া প্ৰতিদিন কাকতৰ ফটো সাংবাদিক ধনীৰাম কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৰূপালী জয়ন্তী বৰ্ষ হিচাপে প্ৰকাশ কৰি উলিওৱা অবিৰত যাত্ৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে। ইয়াৰ সংগতি ৰাখি সাংবাদিক সমিন কলিতাৰ জীৱন ভিত্তিক গ্ৰন্থ সমীন কলিতা জীৱন জেউতি গ্ৰন্থখন উন্মোচন কৰে সাংবাদিক তথা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কনক সেন ডেকাই। কনক সেন ডেকাই উন্মোচন কৰি কয় যে, বৰ্তমান ৰাজ্যত জটিল সন্ধিক্ষণত সাংবাদিকসকলৰ দায়িত্ব আৰু কৰ্তব্য আছে। সাংবাদিকে নিজে প্ৰতিষ্ঠিত হ’ব লাগিব আৰু সমাজখনো প্ৰতিষ্ঠা কৰিব লাগিব। ৰাজ্যত বিভিন্ন সমাজৰাজি সাংবাদিকসকলে নিজৰ কলমৰ জৰিয়তে চৰকাৰৰ দৃষ্টি গোচৰ কৰিব লাগিব। লগতে বৃহত্তৰ অসমীয়া জাতি গঠনতো সাংবাদিকসকলে এক ভুমিকা গ্ৰহণ কৰিব লাগিব। মফচলীয়া সাংবাদিকসকৰ প্ৰতি তেওঁৰ সহযোগিতা আছে বুলিও উল্লেখ কৰে ডেকাই। সভাত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উপস্থিত থাকি কয় যে, সাংবাদিকক অৰ্থ -সামাজিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ লগতে বৈদ্যুতিন মাধ্যমক সামৰি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াক এক নতুন ৰূপত শক্তিশালী ভাৱে গঠন কৰাৰ গুৰুত্ব দিয়ে। লগতে তেও বৰ্তমান প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই সকলোকে সামৰি ল’ব পৰা নাই বুলি ভাষণত দোহাৰে। উক্ত সভাত আপকুৰ প্ৰতিষ্ঠাপক, উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক ভৱেশ বৰুৱাই উপস্থিত থাকি তত্বগধুৰ ভাষণ দিয়ে।

WhatsApp Image 2017-11-16 at 8.40.49 PM

ইফালে ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত সভাত “স্বচ্ছ ভাৰত মিচনৰ সফলতাত সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সাংবাদিক সুৰক্ষা মঞ্চ, নেহৰু যুৱ কেন্দ্ৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰি জিলা উন্নয়ন আয়ুক্ত মাহমুদ হাচানে স্বচ্ছ ভাৰত মিচন কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত ভূল ত্ৰুটি আঙুলিয়াই দিয়াৰ উপৰিও পৰিৱেশ পৰিছন্নতাৰ বাবে জনমত গঠনত আগভাগ ল’বলৈ সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ভাষণত উল্লেখ কৰে। প্ৰবীন সাংবাদিক তথা অৱসৰ প্ৰাপ্ত অধ্যাপক ভূৱন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে অৱসৰ প্ৰাপ্ত অধ্যাপক গিৰিন্দ্ৰ নাথ গোস্বামীয়ে। আজিৰ এই কাৰ্য্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা হিতেশ ডেকা আৰু জিলা স্বচ্ছ ভাৰতৰ নডেল বিষয়া পৰাগ মনি বৰায়ে ভাষণ প্ৰদান কৰে। আলোচনাৰ আঁত ধৰি জিলা তথ্য আৰু জন সংযোগ বিষয়া বিকাশ শৰ্মাই প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি এইবেলি দ্যা চেণ্টিনেল আৰু দৈনিক পুৰ্বদয় কাকতৰ সাংবাদিক বিজয় কুমাৰ শৰ্মাক শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা প্ৰদান কৰা হয়। আজিৰ কাৰ্যসূচীত সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছিৰাজুল ইছলামৰ লগতে সুৰক্ষা মঞ্চৰ ধুবুৰী জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে স্থানীয় সাংবাদিক সকল আৰু জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.