উৎকট গৰমে দহিছে। কোনেও ক’তো ওলাব নোৱাৰা এক পৰিবেশৰ সৃষ্টি হৈছে।বিশেষকৈ স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট হাৰাশাস্তি সন্মুখীন হৈছে।সমগ্ৰ বিষয়টোৰ প্ৰসংগত সামাজিক মাধ্যম ফেচবুকত সৰৱ চৰ্চা হৈছে।বতৰৰ এই পৰিঘটনাৰ সম্পৰ্কত আমি কথা পাতিছিলো অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰাজীৱ লোচন ডেকাৰ সৈতে, তেখেতে বতৰৰ উষ্ঞতা বৃদ্ধিৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে-কিছুদিনৰ বাবেহে তাপমাত্ৰা বৃদ্ধি পাইছে আকৌ বতৰ স্বাভাৱিক উষ্ঞতালৈ ঘূৰি আহিব ।সূৰ্য্য দক্ষিণায়নত অৱস্থান কৰা আৰু বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে এনে হৈছে ।অহা ১১ আগষ্টপৰা বতৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনাৰ কথা জানিবলৈ দিয়ে । বংঙ্গোপ সাাগৰত সৃৃৃষ্টি হোৱা সাগৰীয় ঘূূূৰ্ণী বতাহৰ ফলত জুুন মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে বছৰত অধিক বৰষুণ হয় ।এই ঘূূূূৰ্ণী বতাহৰ তীব্ৰতা ,গতি আৰু দিশৰ ওপৰত ভিত্তি কৰি মাজে মাাজে এনে পৰিস্থিতি সৃষ্টি হোৱা একো আচৰিত কথা নহয় ।গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ তথ্য অনুসৰি আজিৰ দিনটোত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীত সৰ্বোচ্চ তাপমান আছিল ৩৯. ২ডিগ্ৰী চেলচিয়াচ আৰু মেঘালয়ৰ শ্বিলংৰ সৰ্বনিম্ন তাপমান আছিল ২৬.৫ ডিগ্ৰী চেলচিয়াচ ।জানিব পৰা মতে অসম আৰু মেঘালয়ত পূৰ্বৰ তুলনাতকৈ স্বাভাৱিক উষ্ঞতা ৫ডিগ্ৰী বৃদ্ধি পাইছে ।আনহাতে পূৰ্বৰ তুলনাতকৈ স্বাভাৱিক উষ্ঞতা মণিপুৰ ,অৰুণাচলত ৩ডিগ্ৰীতকৈ বৃদ্ধি পাইছে ।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai