১৯৬৭ চনৰপৰা অসমত অভাৱনীয়ভাৱে ভোটাৰৰ সংখ্যা বৃদ্ধি পালে।আৰু এই পৰিস্থিতিৰ উকমুকনিতে অসম আন্দোলনৰ সূচনা হৈছিল।প্ৰাপ্ত তথ্য অনুসৰি ১৯৭৯ চনৰ অক্টোবৰ মাহৰ পৰা অসমত অসম আন্দোলন হৈছিল।দেশ আৰু জাতিৰ স্বাৰ্থত হাজাৰ হাজাৰ অসমীয়া যুৱক ৰাজপথলৈ ওলাই আহিছিল। যাৰ ফলস্বৰুপে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ হৈছিল।আছুৱে সমগ্ৰ বিষয়টো ১৯৮০ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অৱগত কৰিছিল।ইয়াৰ পাছতে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল।অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সকলোৱে ভাবিছিল যে অসমত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব,অসমত অসমীয়াৰ ভাষা সাহিত্য কৃষ্টি ৰক্ষা হ’ব।কিন্তু ১৯ শতিকা পাৰ হৈ যেতিয়া বিংশ শতিকা পালে,লোক পিয়লৰ তথ্যত দৃষ্টিগোচৰ হ’ল যে অসমত অসমীয়া সংখ্যালঘু হোৱাৰ পথ উপক্ৰম হৈছে।যাৰ বাবে আজি চৌদিশে ৰাইজ জাগ্ৰত হৈছে।জাতি মাটিৰ বাবে সকলোৱে একত্ৰিত হৈ শৰাইঘাটৰ শেষ ৰণ যুঁজিবলৈ পণ কৰিছে।৮৫৫ জন শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধা জনাবলৈ আজি কাৰো আহৰি নাথাকিলেও প্ৰত্যেকজন স্বদেশপ্ৰেমীয়ে তেখেতসকলৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰিছে।আৰু পুনৰবাৰ ইজনে সিজনক কৈ উঠিছে ‘জাগা অসমীয়া জাগা’।
Trending
- কামৰূপ মহানগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱন তথা অসম উদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগমৰ পূন:নিৰ্মিত ভৱন উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ
- কৃষকক সবলীকৰণৰ বাবে আমাজন কিছানৰ সৈতে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
- অসমীয়া সংগীত আৰু চিনেমাজগতলৈ জুবিন গাৰ্গৰ অপৰিসীম অৱদান উদযাপন কৰি জীৱন্ত কিংবদন্তিজনলৈ ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে উপহাৰ স্বৰূপে আগবঢ়াইছে তেওঁৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ
- এশ শতাংশ উত্তীৰ্ণৰে উজলিল মাজুলীৰ শংকৰদেৱ চিনিয়ৰ একাডেমী
- Governor of Meghalaya – Shri Phagu Chauhan launches inspirational book series – “Sanatan Wisdom” by Dr. Dinesh Shahra
- চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা স্মৃতি দিৱস উদযাপন
- বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীক ‘উত্তৰ পুৰুষৰ মঞ্চৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন
- Driving Sustainable Development: Meghalaya Communities Benefit from Union Ministry of New and Renewable Energy and MNREDA’s Collaborative Sessions
- ৰঙিয়া আৰু হাজোত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন