গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ সাংস্কৃতিক গোষ্ঠী ‘অংগনা’ৰ মুম্বাই শাখাৰ উদ্যোগত ১০ মাৰ্চত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় হিন্দী সাহিত্যৰ স্বনামধন্য সাহিত্যিক মুন্সী প্ৰেমছন্দৰ একে নামৰ হিন্দী উপন্যাসৰ প্ৰসিদ্ধ নাট্যকাৰ বিষ্ণু প্ৰভাকৰে কৰা নাট্যৰূপ ‘ গোদান ‘ । মূলত কৃষি প্ৰধান ভাৰতৰ কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ শোচনীয় অৱস্থা আৰু কৃষকক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ হলে তেওঁলোকৰ মানসিকতা কিদৰে সলনি কৰিব লাগিব সেয়া নাটখনৰ জৰিয়তে দেখুৱাবলৈ তথা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে । আনহাতে নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে – সজ্জাদ হুছেইন খান (হৰি) , উজ্বলা বৰ্মন (ধনীয়া), বিনয় ডেকা (ভোলা) , অনুৰাগ পাণ্ডে ( গোবৰ ), দক্ষিণা নাথ ( ৰুপা) , খ্যাতিপৰ্ণা সোণোৱাল ( সোণা ), অপূৰ্ব ঠাকুৰীয়া ( ডাতাদিন ) , স্বপন দাস ( হীৰা ) , অঞ্জনজ্যোতি বেজ (পটেশ্বৰী ) , অচিন্ত্য কাশ্যপ ( দাৰোগা ) , কৃষ্ণা দাস ( ঝুনিয়া ) , হাছান চাহনৱাজ ইছলাম ( শোভা ) আৰু কংকন দাস ( বিহাৰী ) । তেনেদৰে খানামুখৰ জীয়ৰী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উজ্বলা বৰ্মনৰ পৰিচালনাত মঞ্চস্থ কৰা নাটকখনৰ ৰচনা বিষ্ণু প্ৰভাকৰ , পোহৰত ডিম্পল দাস , মঞ্চত শিৱম শইকীয়া , সংগীতত অমিত পাঠক আৰু ঈশানু শৰ্মা , সাজসজ্জাত বিনীতা বড়ো আৰু কল্পনা দাস , আৰু পৰিচালনাত সহযোগ কৰিছিল ৰাজেশ বৰ্মন । ইয়াৰ উপৰিও নাটখনত ঠাকুৰ সিং গুৰীকে ধৰি কেবাজনো মজদুৰ যুৱক আৰু শিশু শিল্পীয়েও অভিনয় কৰিছে । উল্লেখযোগ্য যে নাটখনত ধনীয়াৰ চৰিত্ৰত উজ্বলা বৰ্মনে কৰা বলিষ্ঠ আৰু জীৱন্ত অভিনয়ে দর্শক ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । তেনেদৰে বাকী চৰিত্ৰ সমূহতো অভিনেতা-অভিনেত্ৰী সকলেও মনপৰশা অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন