ৰাজ্যত ক্ৰমান্বয়ে আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া।জিলা সমূহত ক’ভিড পৰিস্থিতি যিহেতু অধিকাংশ জিলাতেই ভাল হৈছে তাৰ বাবে ১৬ জুনৰ পৰা আনলকৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা। মন্ত্ৰী কেশৱ মহন্তই এই কথা জনাইছে।ক’ৰণা নিয়ন্ত্ৰিত ৰাজ্যত শিথিল কৰা হ’ব সান্ধ্য আইন। ৰাজ্যত দোকান খোলা যি সময় সীমা আছিল ,বৃদ্ধি কৰা হ’ব সেই সময়সীমা।সেই অনুসৰি ৰাজ্যত কাইলৈ পৰা নতুন SOP জাৰি কৰা হ’ব পাৰে।গুৱাহাটীত পূবতকৈ পৰ্যায়ক্ৰমে ক’ভিড পৰিস্থিতি উন্নত হৈছে ।দেওবাৰ দিনটোত কামৰূপ মহানগৰত ২২৬ জন লোক ক’ৰণাত আক্রান্ত হৈছে।শনিবাৰে এই সংখ্যা আছিল ২৪৬ জন ।১৬ জুনৰ পৰা পৰ্যায়ক্ৰমে হ’ব আনলক প্ৰক্ৰিয়া। আনহাতে ক’ভিড পৰিস্থিতি ওপৰত ৫ খন জিলা বাবে এতিয়াও পৰ্যালোচনা চলি আছে ।কিয়নো এই পাঁচ খন জিলাত বিগত ১০/১১ দিনত মুঠ আক্রান্ত সংখ্যা ২৫০০ তকৈও বেছি আছে।জিলাকেইখন কাছাৰ,ডিব্ৰুগড়, তিনিচুকীয়া,নগাঁও আৰু বিশ্বনাথ। জানিব পৰা মতে এই পাঁচ খন জিলাত সময় সীমা শিথিল নহ’ব পাৰে কিন্তু তেখেতে জানিব দিয়া অনুসৰি সকলো ৰাজ্যতে কাৰৰ্ফিউ দীঘলীয়া হ’ব।কাইলৈ সেই অনুসৰি SOP প্ৰকাশ পোৱা পূৰ্ণ সম্ভাৱনা আছে।
Trending
- অম্বুবাচী মহাযোগ-২০২৫ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
- চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ত পালন কৰা হ’ল ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস
- কামৰূপ (ম) জিলা প্ৰশাসনৰ আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি