অঞ্জলি বৰা স্মাৰক বঁটা প্ৰদান

0 352

মৰিয়নী জাতীয় বিদ্যাপীঠৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিচটিংশ্যন সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অন্বেষা গোস্বামীক মৰিয়নীৰ বিদুষী মহিলা প্ৰয়াত অঞ্জলী বৰা স্মাৰক বঁটা প্ৰদান কৰা হয়। মৰিয়নী জাতীয় বিদ্যাপীঠত লক ডাউনৰ নীতি নিয়ম পালন কৰি অনুষ্ঠুপীয়াকৈ আয়োজন কৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত অঞ্জলী বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিক্ষাবিদ আনন্দ শইকীয়াই।
 
 
বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোঁহাঞি বৰুৱা সভাপতিত্বত অনুস্থিত স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য আগবঢ়াই মৰিয়নী মহাবিদ্যালয়ৰ অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামীয়ে। ইয়াৰ পাছতে বঁটাৰ দাতা তথা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই তেওঁৰ শাহুৰ স্মৃতিত প্ৰৱৰ্তন কৰা অঞ্জলী বৰা স্মাৰক বঁটা প্ৰথম বাৰৰ বাবে কৃৰ্তি ছাত্ৰী অন্বেষা গোস্বামীক প্ৰদান কৰে। এই বঁটাত আছে এখন অভিনন্দন পত্ৰ, এটা স্মাৰক, এখন জনজাতীয় গামোচা আৰু নগদ দুহেজাৰ টকা।
 
 
 
বঁটা প্ৰদান কৰি ড° অঞ্জন শইকীয়াই ভাষণ কালত কয় যে, মাতৃভাষাৰ বিদ্যালয়ত অধ্যয়ন কৰিও জগত জিনিব পাৰি।তেনে উদাহৰণ বহু আছে। মৰিয়নী জাতীয় বিদ্যাপীঠে মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা লৈ আহিছে। আনহাতে দাতা পৰিয়ালৰ হৈ চিনামৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সহযোগী পল্লবী বৰাই বক্তব্যত কয় যে, প্ৰতি বছৰে মৰিয়নী জাতীয় বিদ্যাপীঠৰ পৰা কৃতিত্ব সহকাৰে উত্তীৰ্ণ শ্ৰেষ্ঠ শিক্ষাৰ্থী গৰাকীক স্মাৰক বঁটা আগবঢ়োৱা হ’ব।
 
 
আনহাতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে শিক্ষানুৰাগী চম্পাৱতী শইকীয়া, সাংস্কৃতিক কৰ্মী তৰুণ শইকীয়া, সাংবাদিক দিব্যজ্যোতি শইকীয়া, জে বি কলেজৰ অধ্যাপক মাধ্যুৰ্য্য মিলি, শিক্ষয়ত্ৰী নিতু গোঁহাঞিবৰুৱা আৰু শিক্ষক জয়দ্বীপ বুঢ়াগোঁহাইয়ে।
 
খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.