স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱনৰ উদ্যোগত আজি মহানগৰীৰ নতুন ফটাশিল টাউন হাইস্কুল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়৷ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি অনুপম জীৱনয়ে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰে৷গুৱাহাটী মহানগৰ জিলা সাংবাদিক সন্থা আৰু টডলাৰ্চ হাউচ-এন এডুকেশ্বনেল ফাউণ্ডেচনৰ সহযোগত তথা নতুন ফটাশিল টাউন হাইস্কুল কৰ্তৃপক্ষৰ সৌজন্যত আয়োজন কৰা এই সজাগতা সভাত বিশিষ্ট সমাজ সেৱক, কবি-সাহিত্যিক বসন্ত কুমাৰ শৰ্মা,স্বেচ্ছাসেৱী সংগঠন জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁই,আমবাৰী ফটাশিল -১ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা,নতুন ফটাশিল টাউন হাইস্কুলৰ শিক্ষয়িত্ৰী মৰমী শৰ্মা, মঞ্জুমালা ফুকন,গীতাঞ্জলি শৰ্মা ,সাংবাদিক ফাইজুৰ ৰহমান,ক্ৰীড়া সাংবাদিক হিলদুল গগৈ,পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ মাৰ্কেটিং এক্সিকিউটিভ হোস্না বৰা, টডলাৰ্চ হাউচৰ স্বত্বাধীকাৰী দিগন্ত বৰ্মন তথা বিশিষ্ট চিত্ৰশিল্পী ৰঞ্জীৱ গগৈকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।বিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা ডেকা আৰু চুইটী ৰয়ৰ দ্বৈত সংগীতেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত অংশ গ্ৰহণ বসন্ত কুমাৰ শৰ্মাই সমাজত ড্ৰাগছ সেৱনৰ ভয়াবহতা সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কোৱাৰ লগতে ড্ৰাগছে কি দৰে ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান সময়ত বিপঠে পৰিচালিত কৰিছে সেই বিষয়ে দু-আষাৰ কয়। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৰমী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালনৰ তাৎপৰ্য সম্পৰ্কে কোৱাৰ লগতে ড্ৰাগছ সেৱনৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায়।সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মাইও সভাত ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দু-আষাৰ কয়। আনহাতে পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ হোস্না বৰাই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ অপকাৰিতা সন্দৰ্ভত কিছু আভাস দিয়ে। তেওঁ লগতে ড্ৰাগছৰ পৰিৱৰ্তে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। উল্লেখ কৰিব পাৰি যে আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে অনুপম জীৱনয়ে এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে।প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নতুন ফটাশিল টাউন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পুৰবী দাস কলিতাই।নিজৰ ভাষণত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছ, গুটখা আদি মাদক দ্ৰব্যসমূহ এৰাই চলি সমাজত এজন ভাল মানুহ হৈ জীৱন জীয়াবলৈ উপদেশ দিয়ে। স্মন্তব্য যে দুটা শাখাত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাখনৰ ‘ক’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বুলি দেৱনাথ, পুনম দাস আৰু ভাস্কৰজ্যোতি দাসে। নিচুকনি বঁটা লাভ কৰে সুহানা ৰহমানে।আনহাতে ‘খ’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অজয় কুমাৰ দাস, চিৰঞ্জীত সৰকাৰ আৰু সম্ৰাট দাসে।আজিৰ কাৰ্যসূচীত অনুপম জীৱনে প্ৰকাশ কৰা অনুপম জীৱন নামেৰে এখনি স্মৰণিকাও উন্মোচন কৰা হয়। আজিৰ ড্ৰাগছ বিৰোধী সভাখন পৰিচালনা কৰে সাংবাদিক সত্যজিৎ শইকীয়াই।তেওঁক সহযোগ কৰে অনুপম জীৱন’ৰ সভাপতি উদয়জিৎ বুঢ়াগোহাঞি আৰু সম্পাদক মনোৰঞ্জন ফুকনে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে