অবিৰতভাৱে পদপথৰ কুকুৰক আহাৰ যোগান ধৰি আহিছে দুই প্ৰকৃতিপ্ৰেমীয়ে

0 222

মৰিগাঁও চহৰৰ এজন নিদিষ্ট ব্যক্তিক দেখিলেই মৰিগাঁও চহৰৰ পদপথৰ কুকুৰসমূহৰ তৎপৰতাই দৃষ্টি আকৰ্ষণ কৰে পথাচাৰীৰ।নেজ জোকাৰি জোকাৰি ব্যক্তিজনৰ কাষ চাপি আহে ব্যক্তিজনৰ।
 
কিয়নো ব্যক্তিজন মৰিগাঁও চহৰৰ প্ৰতিটো কুকুৰৰ চিনাকী৷ সেইবাবে তেওঁক দেখা মাত্ৰকে কুকুৰজাক দৌৰি যায় ওচৰলৈ।ব্যক্তিজন হৈছে মৰিগাঁও চহৰৰ উচ্চ শিক্ষিত ঠিকাদাৰ, সমাজকৰ্মী মৃনাল গোঁহাই।
 
আনহাতে লকডাউনৰ সময়ত নিজৰ বিভাগীয় কাম কাজ নিষ্ঠা আৰু দক্ষতাৰে পালন কৰাৰ উপৰিও পদপথৰ কুকুৰ তথা পশুকুলৰ প্ৰতি দেখুওৱা দায়বদ্ধতাৰ বাবে মৰিগাঁও চহৰবাসীৰ দৃষ্টি আকৰ্ষণ হৈছে  পশুচিকিৎসকৰ । তেওঁৰ নাম হৈছে ডা: নীলোৎপল কাকতি। মৰিগাঁও জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পশু চিকিৎসক ডা: নীলোৎপল কাকতিৰ ঘৰ মৰিগাঁও চহৰত। মৰিগঁঞা সমাজ জীৱনৰ এগৰাকী এৰাব নোৱাৰা ব্যক্তি।
 
 
এই দুগৰাকী প্ৰচাৰবিমুখ ব্যক্তিয়ে লকডাউনৰ সময়চোৱাত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ আমোঘবানী ” কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম . .”বাণীৰ সাৰ্থক দিশটোক প্ৰতিফলন ঘটোৱাৰ বাবে প্ৰশংসিত হৈছে মৰিগাঁও চহৰবাসীৰ পৰা। লকডাউনৰ সময়ছোৱাত সকলো হোটেল, ৰেষ্টুৰেন্ট,দোকান-পোহাৰ বন্ধৰ হোৱাৰ ফলত গভীৰ খাদ্য সংকটৰ সন্মুখীন হোৱা মৰিগাঁও চহৰৰ অৰ্ধশতাধিক পদপথৰ কুকুৰক নিয়মিতভাবে আহাৰ যোগান ধৰি আহিছে।
 
যোৱা ২৪ মাৰ্চৰ পৰাই অবিৰতভাবে মৰিগাঁও চহৰৰ অলিয়ে গলিয়ে গৈ প্ৰতিদিনে খাদ্যৰ যোগান ধৰি আহিছে দুই পশুপ্ৰেমী ডাঃ নীলোৎপল কাকতি আৰু মৃনাল গোহাঁইয়ে।জানিব পৰা অনুসৰি দুয়োগৰাকী মহানুভৱ ব্যক্তিয়ে পদপথৰ কুকুৰ ,জীৱজন্তুৰ বাবে নিতৌ ঘৰতে প্ৰস্তুত কৰা আহাৰত কণী, দৈ,বিস্কুট আদি দি পুষ্টিকৰ খাদ্য প্ৰদান কৰি আহিছে।
 
তাৰবাবে তেওঁলোকে নিজ ঘৰতে ৰন্ধনশালা তৈয়াৰ কৰা লগতে বাচন-বৰ্তন ক্ৰয় কৰি লৈছে। উল্লেখযোগ্য যে লকডাউনৰ সময়তে নহয় সাধাৰণ অৱস্থাতো সৰুৰে পৰা জীৱজন্তুৰ  প্ৰতি দুৰ্বলতা থকা  মৃনাল গোহাঁইয়ে নিতৌ সন্ধিয়া পদপথৰ কুকুৰক বিস্কুট যোগান ধৰাৰ সমান্তৰালভাৱে  পশুচিকিৎসক ডাঃ নীলোৎপল কাকতিয়ে বাটে-পথে অসুস্থ,আহত জীৱজন্তুক চিকিৎসা প্ৰদান কৰি আহিছে।
 
আনহাতে সাধাৰণতে বস্তুবাদী যান্ত্ৰিকতাৰ যুগত ভোটাধিকাৰ নথকা বা লাভালাভৰ অংক নথকা জীৱজন্তুৰ প্ৰতি চিন্তা কৰাৰ কাৰোৱে আহৰি নথকা মানসিকতাকে প্ৰত্যক্ষ কৰা বিপৰীতে জীৱজন্তৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমৰ বাবে প্ৰচাৰ বিমুখ এই দুই মহানুভৱী ব্যক্তি ডাঃ নীলোৎপল কাকতি আৰু মৃনাল গোহাঁইয়ে  মৰিগাঁও চহৰৰ পদপথৰ কুকুৰকে ধৰি গৰাকীবিহীন জীৱ-জন্তুক আহাৰ যোগান ধৰা ব্যতিক্ৰমী পদক্ষেপক সচেতন মৰিগাঁওবাসীয়ে কেৱল শলাগ লোৱাই নহয় সহায় সহযোগিতাৰে অংশীদাৰ হৈছে ।
 
তেওঁলোকে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ প্ৰচাৰবিহীন এই কৰ্মযাত্ৰাত মৰিগাও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া ,মৰিগাঁৱৰ সুসন্তান বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাস, ব্যৱসায়ী -সমাজকৰ্মী অমলেশ্বৰ শৰ্ম্মা,মুকুল হাজৰিকা, জয়দীপ বৰুৱা,দীপক ডেকা, ববী জৈন, ৰাজু লাহতি , সাংবাদিক প্ৰাঞ্জল দাস,বৰঙাবাৰী সমবায় সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰা,মৰিগাঁও টাউন লাট মণ্ডল দিলীপ কলিতা,মৰিগাঁও পাইকাৰী সমবায় সমিতি ,সমাজকৰ্মী মহেশ ভোলা ডায়েৰীৰ লগতে মৰিগাঁৱৰ একাংশ সংবাদকৰ্মী, ডাঃ কাকতি আৰু গোহাঁইৰ পৰিয়ালবৰ্গই সহায়- সহযোগিতা আগবঢ়াই জীৱ জন্তুৰ প্ৰতি থকা  এই মৰম প্ৰতিফলন ঘটাইছে।
এইদৰে লকভাউনৰ সময়ত চিত্ৰিত হোৱা মানৱীয়তাক মৰিগাঁৱৰ সচেতন মহলে শলাগ লৈছে।
খবৰ যুগুতালে মৰিগাঁৱৰ পৰা ৰিতুমনি মহন্তই..

Leave A Reply

Your email address will not be published.