শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ সময়চোৱাত পৰিবহণ বিভাগে সকলো যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনাইছে। বিশেষকৈ ২২জুনৰ পৰা ২৬জুনলৈ অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ অম্বুবাচীৰ সময়চোৱাত শিশু, মহিলা, জেষ্ঠ নাগৰিককে ধৰি বিভিন্ন স্থানৰ পৰা আহি নীলাচলত সমবেত হোৱা ভক্ত-তীৰ্থযাত্ৰী কোনোৱে যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সকলোকে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ আহ্বান জনাইছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷ এই সময়চোৱাত সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া বিভিন্ন নীতি-নিৰ্দেশনাসমূহ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে ৰাইজৰ জ্ঞাতাৰ্থে উল্লেখ কৰে ৷ তেওঁ কয় যে অম্বুবাচীৰ সময়চোৱাত যানবাহন চালনাৰ সময়ত কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি অথবা অত্যাধিক বেগত গাড়ী চলাই ভয়ংকৰ বিপদ মাতি নানে । চাৰিচকীয়া বাহনত ছীটবেল্ট আৰু দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে সঠিক আইএছআই চিহ্নযুক্ত হেলমেট পৰিধান কৰাৰ লগতে কোনোৱে যাতে ম’বাইলত কথা পাতি গাড়ী চলাই নিজৰ লগতে আনকো বিপদত নেপেলাই ৷ এইক্ষেত্ৰত “পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে অম্বুবাচীৰ সময়চোৱাত সকলোৰে সুৰক্ষা আৰু সহযোগিতা কামনা কৰে ৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ