শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ সময়চোৱাত পৰিবহণ বিভাগে সকলো যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনাইছে। বিশেষকৈ ২২জুনৰ পৰা ২৬জুনলৈ অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ অম্বুবাচীৰ সময়চোৱাত শিশু, মহিলা, জেষ্ঠ নাগৰিককে ধৰি বিভিন্ন স্থানৰ পৰা আহি নীলাচলত সমবেত হোৱা ভক্ত-তীৰ্থযাত্ৰী কোনোৱে যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সকলোকে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ আহ্বান জনাইছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷ এই সময়চোৱাত সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া বিভিন্ন নীতি-নিৰ্দেশনাসমূহ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে ৰাইজৰ জ্ঞাতাৰ্থে উল্লেখ কৰে ৷ তেওঁ কয় যে অম্বুবাচীৰ সময়চোৱাত যানবাহন চালনাৰ সময়ত কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি অথবা অত্যাধিক বেগত গাড়ী চলাই ভয়ংকৰ বিপদ মাতি নানে । চাৰিচকীয়া বাহনত ছীটবেল্ট আৰু দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে সঠিক আইএছআই চিহ্নযুক্ত হেলমেট পৰিধান কৰাৰ লগতে কোনোৱে যাতে ম’বাইলত কথা পাতি গাড়ী চলাই নিজৰ লগতে আনকো বিপদত নেপেলাই ৷ এইক্ষেত্ৰত “পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে অম্বুবাচীৰ সময়চোৱাত সকলোৰে সুৰক্ষা আৰু সহযোগিতা কামনা কৰে ৷
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে