অলক্লিয়াৰ অভিযানৰ প্ৰথম দুদিনত মহানগৰীত দুই কোটিৰো অধিক কৰ সংগ্ৰহ

0 225

সময়মতে যাৱতীয় কৰ পৰিশোধ নকৰাটো যে এক অপৰাধ আৰু কৰ অনাদায়ী বাহনৰযে বীমা কোম্পানীয়েও কোনো দায়িত্ব নলয় সেই কথা জনাৰ পিছতো খোদ মহানগৰীৰ স্কুল বাছেও কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিবলৈ এৰা নাই ৷ আজি পুৱাৰ ভাগতে এই গুৰুতৰ তথ্য ধৰা পৰাত মহানগৰীৰ ৰাজপথত জব্দ হ’বলগীয়া হ’ল খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন গাড়ী। সমগ্ৰ ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অলক্লিয়াৰ অভিযান আৰম্ভ হোৱাৰ প্ৰথম দুদিনত কামৰূপ মহানগৰ জিলা পৰিবহণৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ কাৰ্যালয়ে দুই কোটিৰো অধিক কৰ সংগ্ৰহৰ পিছত আজি মহানগৰীৰ খানাপাৰা আৰু সোনাপুৰত চলায় নিচিদ্ৰ তালাচী অভিযান। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ উপস্থিতিত যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰফাৰৰ নেতৃত্বত আৰু প্ৰৱৰ্তক পৰিদৰ্শক মৰমী ওজা, পদুম লামা, কাৰ্যালয় সহায়ক দীপাঙ্কৰ শৰ্মা, সিদ্ধেশ্বৰ ৰাহাং, চন্দিকা তেৰাঙৰ দলৰ সহযোগত চলে এই অভিযান। নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে চলোৱা তালাচীত ধৰা পৰে বাহনৰ বিভিন্ন বিসংগতি। বিশেষকৈ স্কুল বাছ এখনে ২০১৮চনৰ পৰা কৰ পৰিশোধ নকৰাকৈ অসুৰক্ষিতভাৱে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই থকা কাৰ্যই সকলোকে হতভম্ব কৰে। বিভিন্ন বাহনৰ চালকে অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বাহনৰ বীমা নথকাৰ উপৰি প্ৰদূষণমুক্তৰ প্ৰমানপত্ৰ নথকাৰ তথ্য ধৰা পৰে অভিযান কালত। এই সকলো বিসঙ্গতিৰ বিৰুদ্ধে বাহনৰ মালিকলৈ ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয়। ইফালে তালাচী অভিযানৰ সমান্তৰালভাৱে মহানগৰীৰ লাখটকীয়া, বেলতলা, পানবজাৰ, ফেন্সীবজাৰ আদি অঞ্চলত কৰ পৰিশোধ নকৰা বাহনৰ মালিক-কতৃপক্ষৰ তথ্য হাতত লৈ ঘৰে-ঘৰে, কাৰ্যালয়ে- কাৰ্যালয়ে অভিযানকাৰী দল উপস্থিত হৈ ত্ৰিশৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধৰ লগতে বাহনৰ নথিপত্ৰ নৱীকৰণৰ সকীয়নি দিয়ে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান ৷

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.