অসমৰ জনসাধাৰণে আম আদমী পাৰ্টিক আকোৱালি লৈছে। ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী দুগৰাকীৰ সপক্ষে জনসাধাৰণৰ স্বতঃস্ফুৰ্ত সহাঁৰি লক্ষ্যণীয়। আজি তেজপুৰত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে এক ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰি দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে এইদৰে কয়। তেজপুৰ চহৰৰ মূঢ়া তেতেলীস্থিত বাজাৰ ইণ্ডিয়াৰ সন্মুখৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব’ কাৰ্যসূচীত হাজাৰ হাজাৰ দলীয় কৰ্মী – সমৰ্থকে অংশগ্ৰহণ কৰে।গায়ন- বায়নৰ এটি বিশাল দলৰ গীত নৃত্য পৰিবেশনৰ মাজতে ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে আতিশীয়ে। দিল্লীৰ চৰকাৰে পানী, বিদ্যুত যোগান বিনামূলীয়াকৈ যোগান ধৰাৰ দৰে অসমতো আম আদমী পাৰ্টিয়ে এই অত্যাৱশ্যকীয় সেৱাসমূহ বিনামূলীয়াকৈ আগবঢ়োৱাৰ পোষকতা কৰে। আপৰ লক্ষ্য অসমৰ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৪৫০ টকা, মাটিৰ পট্টা প্ৰদান আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও উল্লেখ কৰে আপৰ নেত্ৰী গৰাকীয়ে। তেজপুৰ চহৰৰ মেইনৰোড হৈ আগবঢ়া বিশাল সমদল ক’ৰ্ট চাৰিশতকৈও আলিত সামৰণি পৰে। আজিৰ এই ৰোড শ্ব’ত আতিশীৰ সৈতে একেলগে এখন খোলা ভানত উঠি প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যয়ো ৰাইজৰ আশীৰ্বাদ বিচাৰে। আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, আন এগৰাকী ৰাষ্ট্ৰীয় নেতা মনীষ কৌশিকেও ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ এই প্ৰচাৰে সৰ্বস্তৰৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইপিনে, মঙলবাৰে তিনিচুকীয়াত আতিশীয়ে প্ৰথমবাৰৰ বাবে মেখেলা চাদৰ পিন্ধি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। অসমীয়া সাজ -পাৰত আতিশীৰ ৰোড শ্ব’ত অংশ গ্ৰহণৰ বিষয়টোৱে তিনিচুকীয়াবাসীৰ মাজত বিশেষ চৰ্চা লাভ কৰে। অসমীয়া সাজ পাৰৰ প্ৰতি এয়া আতিশীৰ ভালপোৱাৰ দৃষ্টান্ত হিচাপে বিবেচিত হৈছে।
Trending
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান