বিগত প্ৰায় দুই সপ্তাহ ধৰি মাজে সময়ে আহি থকা বৰষুণ জাকে ৰাইজক ধূলিৰ পৰা বহুখিনি সকাহ দিছে। বিশেষকৈ ধূলি গৰমৰ প্ৰকোপৰ পৰা ৰাইজে সাময়িক ভাৱে কিছু হ’লেও সকাহ লাভ কৰিছে ।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত অহা চাৰিদিন অৰ্থাৎ ২৬ মাৰ্চ পৰ্যন্ত বেচিভাগ ঠাইতে পাতলীয়া আৰু ঠাইবিশেষে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষূণ হৈ থাকিব বুলি আগজাননী দিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অনুসৰি পূব বাংলাদেশৰ আকাশত হঠাতে সৃষ্টি হোৱা নিম্নচাপৰ বাবে বাংলাদেশৰ আকাশৰে দক্ষিণ অসম হৈ ঘূর্ণিয়মান বায়ু প্ৰৱেশ কৰিছে। । যাৰ বাবে বিগত কিছুদিন ধৰি অসমৰ বেচিভাগ ঠাইতে আকাশ মেঘছন্ন হৈ থকাৰ লগতে বৰষুণ হৈ আছে ।এই পৰিস্থিতি ২৬ মাৰ্চ পৰ্যন্ত অপৰিবৰ্তনীয় হৈ থাকিব । লগতে ঠাইবিশেষে গাজনী , ঢেৰেকনীৰ সৈতে ধুমুহা বতাহ আহিব পাৰে বুলিও কেন্দ্ৰই আশঙ্কা ব্যক্ত কৰিছে । বৰষুণ অহাৰ বাবে কৃষক ৰাইজেও বহু সকাহ লাভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক চাৰিটা দিনত অসমৰ মেঘালয় , অৰুণাচল প্ৰদেশ ,ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী , ঢেৰেকনি , বজ্ৰপাতৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ৯০ মিঃমিঃ বা ৯ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে অসমৰ বৰাক উপত্যকাৰ জিৰিবামত । তাৰ পাছত ধেমাজি, ডিফু চহৰত ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। একেদৰে ৰাজ্যৰ বেছিভাগ ঠাইতে ১ ৰ পৰা ৪ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। ইফালে বৰষুণ আহি থকা বাবে অসমৰ সকলো ঠাইতে সৰ্বাধিক তাপমাত্ৰা ২ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ তললৈ নামি অহাত ৰাইজে মাৰ্চ মাহৰ তিনিটাকৈ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো জানুৱাৰী মাহৰ দৰে শীত অনুভব কৰিবলগীয়া হৈছে। উল্লেখ্য যে বৰষুণ আহি থকা বাবে ৰাজ্যত চলি থকা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি