অসমৰ জাতীয় সংগীতে প্ৰাণ পালে এখনি বস্ত্ৰত

0 235

অসমৰ তাঁতশিল্পৰ এক সুকীয়া বৈশিষ্ট্য আছে। শিপিনী সকলৰ হাতৰ পৰশত বিভিন্ন ধৰণৰ শিল্পকলাই প্ৰাণ পাই উঠে। অতি প্ৰাচীন কালৰ পৰাই অসমৰ শিপিনী সকলে নিজস্ব প্ৰতিভাৰে বিশ্বৰ বুকুত তাতঁশিল্পক এক স্থান দিবলৈ সক্ষম হৈছে। উদাহৰণ স্বৰূপে বৃন্দাবনী বস্ত্ৰৰ কথা উল্লেখ কৰিব পাৰি। আজি আপোনালোকক জনাবলৈ লৈছো এগৰাকী অসমীয়া প্ৰতিভাধৰ শিপিনীৰ বিষয়ে, যি গৰাকী শিপিনীৰ হাতৰ পৰশত এখন বস্ত্ৰত খোদিত হৈছে অসমৰ জাতীয় সংগীত।

IMG-20170720-WA0019

প্ৰাপ্ত খবৰৰ মতে শিপিনী গৰাকীৰ নাম বন্তি হাজৰিকা। ঘৰ শিৱসাগৰ জিলাৰ ডিমৌৰ উদয়পুৰত। বন্তি হাজৰিকাই এখন পদ্মিনী সুঁতাৰ কাপোৰত অসমৰ জাতীয় সংগীতটো খোদিত কৰিছে। মাত্ৰ এসপ্তাহৰ ভিতৰত বৈ উলিওৱা এই কাপোৰখনৰ দৈৰ্ঘ্য ৩ মিটাৰ আৰু প্ৰস্থ ১.৫ মিটাৰ। শিপিনী বন্তি হাজৰিকাই nefocus.com ৰ আগত তেওঁ জাতীয় সংগীতটো খোদিত কৰাৰ বাবে বাচি লোৱাৰ কাৰণ সম্পৰ্কে এনেদৰে ব্যক্ত কৰে- কাপোৰৰ ব্যৱসায়েৰে জীৱিকাৰ পথত ভৰি দিছো। কাপোৰ বনাও আৰু বিক্ৰী কৰো। মোৰ ঘৰৰ পৰাই অঞ্চলৰ বহুজনে বিয়া, মিটিংৰ বাবে অৰ্ডাৰ কৰে। মোৰ দেশৰ প্ৰতি থকা ভালপোৱাৰ তাড়নাতে এনেদৰে জাতীয় সংগীতটো লিপিবদ্ধ কৰিবলৈ সক্ষম হ’লো। কাপোৰখন বনোৱাৰ আগতে এখন গ্ৰাফত বৰ্ণমালা খিনি লিখি লৈছিলো।

IMG-20170720-WA0020

মোৰ আশা অহা ১৫ আগষ্টত কোনো চৰকাৰী কাৰ্য্যালয়ক এই কাপোৰখিনি উপহাৰ দিম।

বন্তি হাজৰিকাৰ এনে পদক্ষেপে প্ৰতিজন দেশপ্ৰেমিকক উৎফুল্লিত কৰি তুলিছে।

সহযোগ: মৃদুল বৰগোহাঁই, ডিমৌ

Leave A Reply

Your email address will not be published.