অসমৰ নৃগোষ্ঠীয় কলা আৰু সংস্কৃতিৰ মানচিত্র প্ৰকল্পৰ ওপৰত সাধাৰণ পৰামৰ্শক সমিতিৰ বৈঠকত সাংস্কৃতিক মন্ত্রী বিমল বড়া

0 122

অসমৰ পৰম্পৰাগত কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতি প্ৰকল্প সন্দৰ্ভত সাধাৰণ পৰামৰ্শক সমিতিৰ প্ৰথমখন বৈঠক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত আজি শ্রী মন্ত শংকৰদেৱ কলা ক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
সভাত ভাষণ প্ৰদান কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বড়াই ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰে বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰা,ঐতিহ্য তথা ইতিহাস সামৰি প্ৰস্তুত হ’ব লগা এই সাংস্কৃতিক মানচিত্ৰৰ বাবে তথ্য সংগ্ৰহৰ সময়ত অৰ্থ নৈতিক দিশতোৰ ওপৰত গুৰুত্ব দিবলৈ বিশেষজ্ঞ সকলক আহ্বান জনায়।আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ শক্তি অনন্য বুলি মন্তব্য কৰি মন্ত্রী গৰাকীয়ে সামাজিক সম্পৰ্ক তথা সামাজিক বান্ধোন আমাৰ পৰম্পৰাৰে অভিন্ন অংশ বুলি মন্তব্য কৰি স্পৰ্শনীয় আৰু অস্পৰ্শনীয় সাংস্কৃতিক পৰম্পৰাৰ পৰা ভবিষৎ প্ৰজন্মই কি শিকিব বা অনুকৰণ কৰিব তাৰ ওপৰতো এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি কয়।

বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সমাজৰ সকলো দিশ হৃদয়ঙ্গম কৰি কাম কৰি আছে বুলিও মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে। সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতিৰ কাম সম্পন্ন হলে প্ৰতিখন জিলাতে একোটাকৈ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্হাপন হ’ব বুলিও মন্ত্রী গৰাকীয়ে প্ৰকাশ কৰে।ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি জিলা ভিত্তিক হ’ব লগা সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্রত ইতিমধ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰ সমাজৰ অধীনত প্ৰস্তুত হ’ব লগা এই সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰথম সাধাৰণ পৰামৰ্শক সমিতিৰ বৈঠকত উদ্দেশ্য বাখ্যা কৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে।
ইয়াৰ পাছত প্ৰস্তুত হ’ব লগা সাংস্কৃতিক মানচিত্ৰৰ ৰূপৰেখা সন্দৰ্ভত পিপিটি প্ৰদৰ্শন কৰে প্ৰদীপ পূজাৰীয়ে।সভাত সাংস্কৃতিক মানচিত্ৰ প্ৰকল্প সঞ্চালক ড০ সুনীল কুমাৰ দত্তই প্ৰকল্প সন্দৰ্ভত বিষদ বাখ্যা আগবঢ়ায়।নিজ অভিমত ব্যক্ত কৰি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীয়ে পৰম্পৰা হেৰাই গ’লে জাতিটোৱেই বৰ্তি নাথাকিব বুলি বক্তব্য আগবঢ়ায়।
সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী,অভিনেতা প্ৰাঞ্জল শইকীয়া, চিত্ৰশিল্পী কিশোৰ কুমাৰ দাস,ড০ উপেন ৰাভা হাকাচাম,ড০ মালিনী গোস্বামী, শিল্পী ৰঞ্জিত গগৈ, শিল্পী পুলক বেনাৰ্জীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি নিজস্ব পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে ইতিমধ্যে বিশেষজ্ঞ সমিতিয়ে প্ৰাথমিক পদক্ষেপ হিচাপে তিৱা জনগোষ্ঠীৰ পৰম্পৰাৰ সন্দৰ্ভত এক ক্ষেত্ৰ অধ্যয়ন সম্পাদন কৰিছে।

Leave A Reply

Your email address will not be published.