চাহৰ পাত গুণগত মানৰ নহ’লে ভাল চাহ পাব নোৱাৰি। ছিঙা পাতৰ ভাল বেয়া অনুপাতৰ ওপৰতে চাহৰ মান নিৰ্ভৰ কৰে। চাহৰ গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখিবলৈ হ’লে চাহবাগিচাত পাত উৎপাদন পৰ্যায়তে অধিক গুৰুত্ব দিব লাগিব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত আন্তর্জাতিক চাহ দিবসৰ কাৰ্যসূচীত এই মত ব্যক্ত কৰে বিশিষ্ট চাহ বিজ্ঞানী ড: অমৃত চন্দ্ৰ বৰবৰাই । ‘অসমৰ চাহ উদ্যোগৰ দ্বিশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন এই কাৰ্যসূচীত “চাহৰ গুনগত মান বৃদ্ধি আৰু কীটনাশক দ্ৰব্যৰ নিৰাপদ প্ৰয়োগ “শীৰ্ষক বক্তৃতাটোত লগতে কয় যে অসমৰ চাহ বিশ্বব্যাপি গুণমানৰ বাবে সমাদৃত। চাহৰ গুণমান নিৰ্ভৰ কৰে প্ৰকৃততে চাহ কিমান সুৰক্ষিত তাৰ ওপৰতে। সেয়ে অপতৃণনাশক, কীটনাশক যথোচিত ব্যৱহাৰ কৰি চাহৰ গুণমান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰা উচিত। জৈৱিক ভাবে খেতি কৰাটো অতি উত্তম। বাণিজ্যিক ভাবে জৈৱিক খেতি কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি তাৰ চেষ্টা কৰা উচিত। অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই কয় যে ২০০ বছৰে আমি চাহক লৈ গৌৰৱান্বিত। চাহৰ বজাৰত পৰিবৰ্তন আহিছে। গুণগত মান ৰাখিব নোৱাৰিলে বজাৰ ৰাখিব নোৱাৰিম। গুণগত মান কেনেকৈ অধিক ভাল কৰিব পাৰি তাৰ চেষ্টা কৰিব লাগিব।চাহৰ ক্ষেত্ৰতো প্ৰাকৃতিক কৃষিৰ ব্যৱহাৰৰ কেনেকৈ অধিক কৰিব পাৰি সেই সম্পৰ্কে গৱেষণা হ’ব লাগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকাই আদৰণি ভাষনত অসমৰ চাহ খেতিৰ গৌৰৱোজ্জল পৰম্পৰাৰ বিষয়ে প্ৰকাশ কৰে।চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড: গৌতম শইকীয়াই উদ্দেশ্যে বাখ্যাত অসমৰ চাহ খেতিৰ বিপ্লৱৰ সূচনা কৰা সকলক সোঁৱৰণ কৰি চাহৰ গুণগত মান বৃদ্ধিৰ বাবে শিক্ষা প্ৰদান আৰু প্ৰশিক্ষণৰ জৰিয়তে বিভাগটোৱে গ্ৰহণ কৰা পৰিক্ৰমাৰ বিষয়ে প্ৰকাশ কৰে । অনুষ্ঠানত অসমৰ চাহৰ গৌৰৱোজ্জল পৰম্পৰাৰ ঐতিহ্য বহনকাৰী চিংফৌ ৰজা পৰিয়াল, প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানৰ পৰিয়াল,প্ৰাক্তন কৃষি মন্ত্রী প্ৰয়াত সোনেশ্বৰ বৰাৰ পৰিয়াল আৰু অসমৰ মুঠ উৎপাদনৰ অৰ্ধেক চাহ উৎপাদন কৰা সমূহ ক্ষুদ্র চাহ খেতিয়কৰ ভিতৰত বয়োজ্যেষ্ঠ চাহ খেতিয়কক সম্বৰ্ধনা জনোৱা হয়। সভাত খেতিয়কসকলৰ সম্প্ৰসাৰণ পুস্তিকা এখনো উন্মোচন কৰা হয়।সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰা, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপিকা ড: অদিতি গগৈয়ে বক্তব্য আগবঢ়োৱা সভাখনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড: আৰ কে সিং ,অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড: মৃদুল ডেকা, , তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, প্ৰহ্লাদ তাছা প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু চাৰি শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে ।সভাৰ পাছত সজাগতা অভিযানৰ বাৰে খেতিয়ক,শিক্ষক, ছাত্র, শ্ৰমিক আৰু চাহ উদ্যোগৰ বিভিন্নজনৰ সৈতে গাড়ী লৈ এক শোভাযাত্রা উলিওৱা হয়।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ