অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান

0 102

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰথমটো বান পৰিস্থিতৰ সৈতে যুঁজিবলৈ সক্ৰিয়তাৰে বানাক্ৰান্তসকলৰ কাষ চাপি তেওঁলোকক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰীগৰাকীক এই সময়ছোৱাত সংগ প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বিভাগৰ হৈ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

সেই পৰিপ্ৰেক্ষিতত আজি অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ (AMDC) তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বাবে আগবঢ়োৱা ১ কোটি টকাৰ চেক প্ৰদান কৰে। এই সহায়খিনিয়ে ৰাজ্যবাসীক কিঞ্চিৎ উপকৃত কৰিব বুলি মন্ত্ৰী শ্ৰীৰায়েআশা প্ৰকাশ কৰে।

এই সময়ছোৱাত খনি আৰু খনিজ সম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, অতিৰিক্ত সচিব প্ৰাণজিৎ কুমাৰ ৱাৰী আৰু অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালক পৰাগমণি মহন্তও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.