অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিলচৰত বান পৰিস্থিতিৰ বুজ লয়

0 186

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শিলচৰ আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলৰ বান পৰিস্থিতিৰ বিষয়ে এখন পৰ্যালোচনা বৈঠক সম্বোধন কৰে। তেখেতে জিলা উপায়ুক্ত, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ পৰা অঞ্চলটোৰ বান পৰিস্থিতিৰ পুঙ্খানুপুঙ্খৰুপে বুজ লয়। বানপিড়ীত ৰাইজলৈ সাহাৰ্য সামগ্ৰীৰ সঠিক যোগান আৰু বিতৰণ, পশু খাদ্য যোগান, বিদ্যুতৰ পুনৰযোগান, প্ৰয়োজনীয় ঔষধৰ যোগান, বানপীড়িত লোকৰ উদ্ধাৰকাৰ্য আৰু লগতে ক্ষতিগ্ৰস্ত সকলৰ সম্পত্তিৰ সঠিক মূল্যায়ন সুনিশ্চিত কৰাৰ বাবে সংলশ্লিষ্ট সকলো বিভাগক এক সমন্বয়ৰ মাজেৰে কাম কৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় -এয়া এক নজিৰবিহীন ঘটনা, এই জিলাখনে ইয়াৰ আগতে কেতিয়াও এনেকুৱা ধৰণৰ ভয়ংকৰ বানৰ কবলত পৰা নাছিল। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিটো বিভাগৰ বিষয়া সকলে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু সম্পূৰ্ণ ব্যৱস্থাটোক আৰু অধিক সুচাৰুৰূপে পৰিচালিত কৰাৰ স্বাৰ্থত কিছু কিছু ক্ষেত্ৰত কিছুমান শুধৰণিৰ প্ৰয়োজনীয়তা আছে।
তেখেতে লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগক প্ৰয়োজনীয়তা অনুসাৰে আৰু অধিক অস্থায়ী শৌচাগাৰ আৰু আপাটকালীন দমকলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। প্ৰতিজন বানাক্ৰান্ত ৰাইজেই যাতে বান সাহাৰ্য্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ তেখেতে বিষয়া সকলক সূক্ষ্ম পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ কয়। লগতে তেখেতে শিশু খাদ্যৰ ব্যৱস্থাটোক স্থানীয়ভাবে উপলব্ধ সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি তাৰ দ্ৰুততাৰে বিতৰণ কৰাৰ কথা উল্লেখ কৰে। লগতে তেওঁ যোগাযোগ বিচ্ছিন্ন হোৱা ঠাইবোৰলৈ NDRFক নাওৰ যোগেৰে সাহাৰ্য্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।এই পৰিদৰ্শন আৰু সভাৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জল্লি আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.