আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাখাত বিধান পৰিষদ গঠিত হোৱাৰ এবছৰ সম্পূৰ্ণ হয় । তদুপলক্ষে অগপৰ বোকাখাত কাৰ্যালয়ত ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী, বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই আদৰণি ভাষণ আগবঢ়াই কয় “ছাত্ৰশক্তি সমাজৰ মেৰুদণ্ডস্বৰূপ। আমাৰ ভাতৃ সংগঠন অসম ছাত্র পৰিষদৰ যুৱ কৰ্মকৰ্তাসকলে সকলো প্ৰতিকূল পৰিস্থিতিতে ছাত্ৰ সমাজৰ সৰ্বাংগীণ কল্যাণৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।” প্ৰথমটো বৰ্ষ সফলতাৰে অতিবাহিত কৰি ছাত্র-ছাত্ৰীৰ কল্যাণৰ বাবে সমৰ্পিত সেৱা আগবঢ়োৱাৰ বাবে অসম ছাত্ৰ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ভূমিকাক মন্ত্ৰী গৰাকীয়ে আন্তৰিকতাৰে শলাগ লয় । একেই উৎসাহ-উদ্দীপনাৰে অসম ছাত্ৰ পৰিষদৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত অনাগত দিনবোৰতো অগ্ৰণী ভূমিকা ল’বলৈ মন্ত্ৰী বৰাই কৰ্মকৰ্তা সকলক আহ্বান জনায় । উক্ত সভাত অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতা , সম্পাদক উৎপল বৰদলৈ , তথ্য প্ৰচাৰ সম্পাদক শংকৰ সেনাপতি , উপসভাপতি অসীম বৰা ,যুৱ পৰিষদৰ সভাপতি দিম্পল ঢেকিয়াল ফুকন , ছাত্ৰ পৰিষদৰ সভাপতি কংকজ বৰা , কাৰ্যকৰী সভাপতি ডেভিড বৰা , প্ৰশাসনিক সম্পাদক প্ৰাচুৰ্য শৰ্মাকে প্ৰমুখ্যে কৰি দলৰ বহু জেষ্ঠ কর্মী উপস্থিত থাকে ।
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা