অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ১০ আৰু ১১ অক্টোবৰত দুদিনীয়াকৈ “ৰবি শস্যৰ কৰ্মশালা ২০২৩” আয়োজন কৰা হয়। কৰ্মশালাত অধ্যক্ষতা কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা° আশীষ কুমাৰ ভূটানীয়ে। কৰ্মশালাখনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° এইচ.এছ. গুপ্তাও উপস্থিত আছিল। কৰ্মশালাখনৰ উদ্দেশ্য হৈছে অসমত ৰবি ঋতুৰ বাবে পৰিকল্পনা কৰা আৰু অসমত ৰবি ঋতুত শস্যৰ তীব্ৰতা বৃদ্ধি কৰা। অসম চৰকাৰৰ কৃষি বিভাগ আৰু এপাৰ্টৰ যুটীয়া প্ৰচেষ্টাত অসম বীজ নিগম লিমিটেডে এই কৰ্মশালাখনৰ আয়োজন কৰিছে। “ৰবি শস্য কৰ্মশালা ২০২৩” ৰ উদ্বোধনী অনুষ্ঠানত ড° এইচ.এছ. গুপ্তাই তেওঁৰ ভাষণত কয় যে, যদিও অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্য, গ্ৰাম্য জনসংখ্যা তুলনামূলকভাৱে অধিক কিন্তু এতিয়াও কৃষিখণ্ডৰ বিকাশৰ অধীনতে আছে। ড° গুপ্তাই এই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যে, যেতিয়ালৈকে ৰাজ্যৰ উদ্যানশস্য, পশু চিকিৎসা, মীন পালনকে ধৰি কৃষি বিভাগে একেলগে কাম নকৰে তেতিয়ালৈকে অসমৰ কৃষিখণ্ডত কোনো ধৰণৰ বিকাশ হ’ব নোৱাৰে, লগতে কৃষকসকলৰ উপাৰ্জনো দুগুণে বৃদ্ধি হ’ব নোৱাৰিব। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা° আশীষ কুমাৰ ভূটানীয়ে কৰ্মশালাত ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে অকল চাউলেই নহয়, কৃষকসকলক সহায় কৰাৰ বাবে সৰিয়হ ক্ৰয় কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অসমত এক নতুন বৈপ্লৱিক সূচনাৰে কৃষিৰ ক্ষেত্ৰত এক নতুন দিগন্ত উদয় হোৱাৰ সম্ভাৱনা আছে। ধান খেতি চপোৱাৰ পিছত বেছিভাগ মাটি পৰিত্যক্ত ভূমি হিচাপে থাকে আৰু বিভিন্ন প্ৰযুক্তিগত, সামাজিক আৰু নীতিগত হস্তক্ষেপৰ জৰিয়তে শস্যৰ বিবিধতা বৃদ্ধি কৰাৰ লগতে আৰু ৰবি ঋতুত শস্যৰ নিৰ্বিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি প্ৰত্যাহ্বানৰ লগতে সুযোগৰ কথা মনত ৰাখি, অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ে বীজ, সাৰ, কৃষিগত ৰাসায়নিক দ্ৰৱ্য আদিৰ দৰে উপাদানসমূহ সামৰি কৃষি ভিত্তিক বাতাবৰণ নিৰূপণ কৰাৰ উদ্দেশ্যেৰে অসম বীজ নিগমৰ সমৰ্থনত ৰবি আৰু খাৰিব ঋতুকালীন কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যৱস্থা হাতত লৈছে। সামগ্ৰীসমূহৰ চাহিদা আৰু যোগানৰ ব্যৱধান আৰু জিলা অনুসৰি মূল্যাঙ্কন ৰখাৰ ব্যৱস্থাকে ধৰি সকলো কৃষি পৰিস্থিতিৰ মূল্যাঙ্কন কৰাৰ ক্ষেত্ৰত এই কৰ্মশালাই দিক নিৰ্ণয় কৰিব। কৰ্মশালাৰ প্ৰথম দিনটোত অসম কৃষি আয়োগৰ সদস্য ড°নলিন মোহন, হলধৰ দেৱ শৰ্মা আৰু প্ৰাঞ্জল প্ৰকাশ শৰ্মা, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচুম হাজৰিকা, উদ্যানশস্য সঞ্চালক ত্ৰিৰঙ্গা ভাৰতীয় বৰা, অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰবিন হাজৰিকাৰ লগতে অন্যান্য ৰাজ্যিক বিষয়াসকল উপস্থিত আছিল।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS