অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ বীৰেন্দ্ৰ নাথ দত্তক সম্বৰ্দ্ধনা

0 261

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা লোকসংস্কৃতিবিদ, কন্ঠশিল্পী, শিক্ষাবিদ, সাহিত্যিক ড০ বীৰেন্দ্ৰ নাথ দত্তক ২ জুনত গুৱাহাটীস্থিত নিজ বাসভৱনত পৰাগজ্যোতি প্ৰকাশনৰ পৰা উষ্ম সম্ভাষণ জনায়। প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক সাহিত্য কোঁৱৰ কমল কলিতা, বৃহত্তৰ বামুণীমৈদাম লেখিকা সংস্থাৰ সহ: সম্পাদিকা তথা কবি পুতুলী ঠাকুৰীয়া মেধি, বিশিষ্ট গীতিকাৰ-কবি শচীন দাস, প্ৰাঞ্জল মহন্ত আদিয়ে অংশগ্রহণ কৰে। সম্বৰ্দ্ধনা গ্রহণ কৰি পণ্ডিত, গৱেষক ড০ বীৰেন্দ্ৰ নাথ দত্তই কয়- আজি মই বৰ সন্তোষ পালো। নতুন প্রজন্মৰ প্ৰতিভাবান লোকসকলে মোক যি মৰম দিলে সেয়াই সাহস যোগালে। পৰাগজ্যোতি প্ৰকাশনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো। কমল কলিতাই কয়- ড০ দত্ত চাৰৰ অসমৰ সাহিত্য-সংস্কৃতি জগতলৈ যোগোৱা অৱদান অনন্য। বহুমুখী প্রতিভাধৰ ড০ দত্ত চাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। কবি পুতুলী ঠাকুৰীয়া মেধিয়ে আন্তর্জাতিক খ্যাতিসম্পন্ন লোকসংস্কৃতিবিদ ড০ বীৰেন্দ্ৰ নাথ দত্তৰ শিক্ষা-সাহিত্যজগতলৈ যোগোৱা অৱদান অনন্য বুলি মতপোষণ কৰে। প্ৰকাশনৰ সচিব দীপক শৰ্মাই কয়- খ্যাতিমান লোক-সংস্কৃতিবিদ ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ পিচতে ড০ বীৰেন্দ্ৰ নাথ দত্তই লোকসংস্কৃতি জগতলৈ যোগোৱা অৱদান অপৰিসীম মন্তব্য কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.