আজি জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম্ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি অধিৱেশনত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰুৱাই কয় যে অসম সাহিত্য অসমীয়া জাতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অসম সাহিত্য সভা সমগ্ৰ অসমীয়া সমাজখনক একত্ৰিত কৰি ৰখা এক অনুষ্ঠান।এইখন একমাত্ৰ অসমীয়া ভাষাৰ সাহিত্য সভা নহয় বৰঞ্চ ই অসমৰ সকলো সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠান তেনেক্ষেত্ৰত এই সকলো সংস্কৃতিৰ লোকসকলে নিশ্চিত কৰা উচিত যে সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত তেওঁলোকৰ ভাষা- সংস্কৃতিৰ বিষয়েও আলোচনা কৰা হয়। এইবাৰ সাহিত্য সভাৰ অধিৱেশন নাৰায়ানপুৰত অনুষ্ঠিত কৰাৰ প্ৰসঙ্গত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে নাৰায়ণপুৰ গুৰু দুজনা মিলিত পোৱা এক পবিত্ৰ স্থান।এইবাৰ নাৰায়ণপুৰৰ দৰে এনে এখন ঐতিহ্যসম্পন্ন ঠাইত এই অধিৱেশন অনুষ্ঠিত কৰাটো গৌৰৱৰ বিষয়। অসম সাহিত্য সভাৰ কাৰ্যাৱলীৰ ওপৰত আলোচনা কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমীয়া ভাষা-সাহিত্য তথা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ যথেষ্ট কৰণীয় আছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা