অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিনিধিবৰ্গই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

0 283

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয় কক্ষত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিনিধি বৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়।অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰ আৰু সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰে মোহন শৰ্মাৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ছোৱাত মুক্তিযুঁজাৰু সন্মিলনে লোৱা ভূমিকা বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে মুক্তি যুঁজাৰু সকলৰ পেঞ্চন বৃদ্ধি কৰাৰ দিশত সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিব।তদুপৰি মুক্তিযুঁজাৰু সকলৰ পৰিয়াললৈ পেঞ্চন,ভাৰত স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহাৰ্য্য ,ৰাজ্য খনৰ সকলোবোৰ জিলাত মুক্তিযুঁজাৰু ভৱন নিৰ্মাণৰ দিশত সন্মিলনক ৰাজ্য চৰকাৰে সহায় কৰিব বুলিউ মুখ্যমন্ত্ৰীয়ে কয়।
আজিৰ এই সাক্ষাৎৰ সময়ত মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।সাক্ষাৎৰ আৰম্ভণিতে মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।এই সাক্ষাৎৰ সময়ত সন্মিলনৰ কোষাধ্যক্ষ কমল চন্দ্ৰ লহকৰ ,সম্পাদক বিনয় ৰঞ্জন শৰ্মাও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.