পঞ্চম বৰ্ষপূৰ্তিত সম্পাদনা মেজৰ পৰা

0 269

আজি ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস।স্বাধীন চিন্তা,স্বাধীন ভাৱে কাম কৰাৰ মানসিকতাৰে আজিৰ পৰা ৫ বছৰৰ পূৰ্বে জন্ম হৈছিল অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কম।যি সময়ত অসমৰ সংবাদ জগতত ডিজিটেল মাধ্যমৰ পয়োভৰ নাছিল ,সেই সময়ৰ পৰাই এন ই ফ’কাচে আনুষ্ঠানিক ভাৱে আত্ম প্ৰকাশ কৰিছিল।আজিও সেই যাত্ৰা অব্যাহত ৰাখিছে।
ব্ৰেকিং অথবা ৰেকিঙৰ দৌৰত নহয়,কেৱল দায়বদ্ধতা আৰু জাতিৰ স্বাৰ্থতহে এন ই ফ’কাচে বাতৰি সম্প্ৰচাৰ কৰি আহিছে ।বিগত ৫ টা বছৰ এন ই ফ’কাচৰ বাবে আছিল বহু প্ৰত্যাহ্বানমূলক।কিন্তু সকলো প্ৰত্যাহ্বানক আওকাণ কৰি মাথোঁ সময়ৰ সোঁতত আগুৱাই গৈ আছে এন ই ফ`কাচ।
আচলতে বিগত বৰ্ষত এন ই ফ’কাচে কৰিলে কি? কেৱল ইতিবাচক খবৰেই নহয় পৰ্যটন ক্ষেত্ৰ প্ৰসাৰৰ বাবেও ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিলে জনসেৱামূলক তথা জনসজাগতামূলক কাৰ্য্যসূচী।শেহতীয়াকৈ এন ই ফ’কাচে আয়োজন কৰিছিল অসমৰ বিলুপ্তপ্ৰায় হলৌ বান্দৰ সংৰক্ষণৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা।ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিচৰা ধৰণে কৰ্মত অগ্ৰসৰ হ’ব পৰা নাই যদিও সময়ৰ গতিত অব্যাহত আছে এই যাত্ৰা।ষষ্ঠ বৰ্ষৰ প্ৰাকক্ষণত সকলো ভিউৱাৰ্চ,ফল’ৱাৰ্ছক অশেষ ধন্যবাদ জনালো।
ধন্যবাদেৰে
সংগীতা শইকীয়া
সম্পাদক

Leave A Reply

Your email address will not be published.