ঢকুৱাখনা মহকুমাত কেন্দ্ৰীয় ভাবে স্বাধীনতা দিৱস পালন  

0 204

দেশৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰীয়া পৰিক্ৰমাৰ বৰ্ণিল মহোৎসৱটি দেওবাৰে  ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত  ৰাজহুৱা খেল পথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয়।  ক`ভিড সৃষ্ট অতিমাৰীৰ বাবে মহকুমা প্ৰশাসনে অনুষ্টুপীয়াভাবে উদযাপন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্য অতিথি তথা মহকুমাধিপতি গুৰনেইল সিঙে।পুৱা  ৯ বজাত ৰাজহুৱা খেলপথাৰত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি  মহকুমাধিপতি সিঙে প্ৰদান কৰা ভাষণত ৰাজ্য চৰকাৰৰ জনমুখী আৰু জনকল্যাণকামী আঁচনি সমূহৰ বিস্তৃত অৱলোকন কৰে। তাৰোপৰি ক`ভিড সৃষ্ট জটিল পৰিস্থিতিয়ে যাতে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ঢকুৱাখনা মহকুমাত তাৰ প্ৰতি সচেতন হৈ ক`ভিড প্ৰ`টকল মানি যোৱাৰ আহ্বান জনায় মহকুমাধিপতি  গৰাকীয়ে।
অন্য বাৰৰ দৰে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সাধাৰণ নাগৰিক কিম্বা পেৰেডত অংশ গ্ৰহণ কৰা দলৰ সংখ্যা  সীমিত  আৰু নগণ্য আছিল। মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত  অভিজাত বৰুৱা , মাচি তপ্ন , নিৰ্বাচনী বিষয়া কুলভূষণ পেগু , ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে , মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা , সদৰ থানাৰ অচি নিৰঞ্জন বৰুৱা , মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত মহকুমা প্ৰশাসনে পালন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ২০২১ বৰ্ষৰ অসম ভাষা গৌৰৱ আঁচনিৰ বঁটা প্ৰাপক মহকুমাটোৰ ৭ গৰাকী লেখক লেখিকাক , ঢকুৱাখনাৰ গৌৰৱ ,আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল ২০২১ত “ব্ৰীজ ”  চলচিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিৱা ৰাণী কলিতাক  ,  কৃষি ক্ষেত্ৰত স্বাৱলম্বিতা প্ৰদৰ্শন কৰি কৃষি বিপ্লৱৰ সূচনা কৰা  শৈলেন দত্ত ,(দেওলিয়া গাঁও,ঘিলামৰা)  শুভ চুতীয়া (সৰুপতিয়া)  , চিৰঞ্জীত চাংমাই ( ঘটাপৰা) , ধন্য কান্ত দলে( বকুলগুৰি) ক , কৰ্তব্য পৰায়ন  এ এন এম ও আশা কৰ্মী  ক্ৰমে মিন্টা  মিচং , মামণি শইকীয়া , নলিনী পেগু , দীপালি সিংহ ,  পশু পালন ক্ষেত্ৰত তথা গো পালনেৰে  স্বাৱলম্বীতা প্রদর্শন কৰা নিতুল চেতিয়াক,  অংগণবাদী কৰ্মী  ক্ৰমে ধৰিত্ৰী দেৱী ভঁৰালীক ,  বিশেষভাৱে সক্ষম হৈয়ো  নিজস্ব সৃজনীশীলতাৰে আত্মপ্ৰতিষ্ঠাৰ নিদৰ্শন দেখুৱা যুৱক প্ৰাণজিত বৰুৱাক ,  কৰ্তব্য পৰায়ন  আৰক্ষী  কনিষ্টবল শ্ৰীমন্ত কোঁৱৰ , গংগা লাহন ,  নিতোপন চমুৱা  , মৃদুল হাজৰিকা ,  দয়াৰাম পাত্ৰ, বিদ্যা দাস,অসীম ভঁৰালী , প্ৰেম গগৈক , মহকুমা প্ৰশাসনৰ কৰ্মচাৰী বছতলা মহাতো,সেমন্ত চেতিয়া ,হৰেন হৰিজন আদিক প্ৰশস্তি পত্ৰ ,ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।  দিৱসত শংকৰদেৱ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে  প্রদৰ্শন কৰে সত্ৰীয়া নৃত্য । ইপিনে  মহকুমাটোৰ বিভিন্ন বিভাগীয় কাৰ্যালয় , ব্যক্তিগত গৃহ,বিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে ঘিলামৰাৰ সোৱণশিৰি ৰাজহ চক্ৰটো ক`ভিড প্ৰ`টকল মানি সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত স্বাধীনতা দিৱসটো অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ৰাজহ চক্ৰটোৰ সংলগ্ন  বিষয়া লম্বিত হাজৰিকাই পতাকা উত্তোলন কৰাৰ পাছতে  তিনি গৰাকী বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক উষ্ণ সম্বৰ্ধনা জনোৱা হয়।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.