জি এন আৰ চি হস্পিতালৰ ছয়মাইলৰ অস্থিৰোগ বিশেষজ্ঞ ডাঃ অংকুৰ হাজৰিকাই ২০০৮চনত এপ্ৰিল মাহৰ পৰা ২০১৯চনৰ জুন মাহৰ ভিতৰত ৫০০০টা অস্থিৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে।নৱজাতকৰ পৰা আৰম্ভ কৰি ১০২বছৰীয়া বৃদ্ধ ৰোগীক অস্ত্ৰোপচাৰ কৰিছে।১৫টা বছৰে জি এন আৰ চি হস্পিতালৰ লগত জড়িত হৈ থকা ডক্তৰ হাজৰিকাই যোৱা দহ বছৰে জি এন আৰ চি ছয়মাইল শাখাত ৰোগীসকলক উন্নত মানৰ চিকিৎসা প্ৰদান কৰি বিৰল কৃতিত্বৰ অধিকাৰী হোৱাৰ বাবে জি এন আৰ চি হস্পিতালৰ প্ৰতিষ্ঠাতা ডক্তৰ নোমল চন্দ্ৰ বৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।এই সম্পৰ্কে আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত ডক্তৰ হাজৰিকাই কয় যে মই জি এন আৰ চি হস্পিতালত ২০০৮চনত প্ৰথমটো অস্ত্ৰোপচাৰ কৰিছিলো ।চিকিৎসক হিচাপে ৰোগী সকলক সদায় সদায় আন্তঃ ৰাষ্ট্ৰীয় মানদণ্ডৰ সেৱা আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা চলাই আহিছো।ৰেষ্টুৰেণ্ট, ফাষ্ট ফুড,ধাবা খোৱা খাদ্যৰ বাবে দিনক দিনে অস্থিৰোগৰ সমস্যা বৃদ্ধি পাইছে ।আনহাতে ছয়মাইল জি এন আৰ চিৰ মুখ্য কাৰ্যবাহী বিষয়া শতাব্দী বৰাই জি এন আৰ চিৰ ব্যয়সাধ্য চিকিৎসা সেৱাৰ সম্পৰ্কে মন্তব্য কৰে।সংবাদ মেলখনত চিকিৎসালয়খনৰ পৰিদৰ্শক ময়নুলৰ ৰহমান উপস্থিত থাকে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন