অহা ১৮ নৱেম্বৰত মা এলবামে মুক্তি লাভ কৰিব

0 405

নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে সংগীতৰ সমান্তৰালকৈ সাহিত্য চৰ্চাও অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অতি কম সময়ৰ ভিতৰতে জুবিন গাৰ্গৰ এখন কবিতা পুথি উন্মোচন হ’ব। এই কবিতা পুথিখনৰ কবিতা সমূহ ইংৰাজী আৰু অসমীয়া ভাষাত সন্নিবিষ্ট কৰা হৈছে।জুবিন গাৰ্গৰ বৰ্তমান ব্যস্ততা সম্পৰ্কে nefocus.com ক এনেদৰে কয় -মই বৰ্তমান মা নামৰ এলবাম এটাৰ শ্বুটিংৰ কামত ব্যস্ত আছো। মা এলবামত সন্নিবিষ্ট কৰা ৪টা গানৰ ভিডিঅ কাম চলি আছে। নৱাগত শিল্পী ডলি, জেনেট আৰু মধুমিতাই ভিডিঅ’ সমূহত অভিনয় কৰিছে। ইয়াত বিশেষকৈ বিশেষভাবে সক্ষম দুগৰাকী শিল্পীয়ে কণ্ঠ নিগৰাইছে। ইয়াৰ পিছতে আন্দাৰ ৱৰ্ল্ড আৰু কাঞ্চনজঙ্ঘাৰ কামত ব্যস্ত হৈ পৰিম। জানিব পৰা মতে নৱেম্বৰ মাহৰ ১৮ তাৰিখে মা এলবামে মুক্তি লাভ কৰিব। শিশু শ্ৰমিকৰ ওপৰত ভিত্তি কৰি মা এলবামত এটা গীত সন্নিবিষ্ট কৰা হৈছে।

Leave A Reply

Your email address will not be published.