নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে সংগীতৰ সমান্তৰালকৈ সাহিত্য চৰ্চাও অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অতি কম সময়ৰ ভিতৰতে জুবিন গাৰ্গৰ এখন কবিতা পুথি উন্মোচন হ’ব। এই কবিতা পুথিখনৰ কবিতা সমূহ ইংৰাজী আৰু অসমীয়া ভাষাত সন্নিবিষ্ট কৰা হৈছে।জুবিন গাৰ্গৰ বৰ্তমান ব্যস্ততা সম্পৰ্কে nefocus.com ক এনেদৰে কয় -মই বৰ্তমান মা নামৰ এলবাম এটাৰ শ্বুটিংৰ কামত ব্যস্ত আছো। মা এলবামত সন্নিবিষ্ট কৰা ৪টা গানৰ ভিডিঅ কাম চলি আছে। নৱাগত শিল্পী ডলি, জেনেট আৰু মধুমিতাই ভিডিঅ’ সমূহত অভিনয় কৰিছে। ইয়াত বিশেষকৈ বিশেষভাবে সক্ষম দুগৰাকী শিল্পীয়ে কণ্ঠ নিগৰাইছে। ইয়াৰ পিছতে আন্দাৰ ৱৰ্ল্ড আৰু কাঞ্চনজঙ্ঘাৰ কামত ব্যস্ত হৈ পৰিম। জানিব পৰা মতে নৱেম্বৰ মাহৰ ১৮ তাৰিখে মা এলবামে মুক্তি লাভ কৰিব। শিশু শ্ৰমিকৰ ওপৰত ভিত্তি কৰি মা এলবামত এটা গীত সন্নিবিষ্ট কৰা হৈছে।
Trending
- Problems can be solved only if voted to power: Dr Manik Saha
- চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ল’লে অসম দৃষ্টিহীন ক্ৰিকেট দলে
- সদৌ অসম ভাৰাত্তোলন প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদকৰে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অংশুৰাজ দত্ত আৰু জোনালী বড়ো গগৈয়ে
- Meghalaya becomes the first North Eastern state to approve a holistic and inclusive Mental Health and Social Care Policy
- জি-২০ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি
- মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত জল ব’ৰ্ডৰ নিৰ্মিয়মাণ জল ভাণ্ডাৰ (Reservoir) পৰিদৰ্শন কৰিলে মন্ত্ৰী অশোক সিংহলে
- শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি
- অসমৰ সংবাদ জগতত চাণক্যৰ আত্মপ্ৰকাশ
- ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ
- জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন