অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য বৈঠক সম্পন্ন

0 174

২০০৯ চনতে নগাঁৱৰ লক্ষীনগৰত জন্ম লাভ কৰা স্বতন্ত্র ভাষা-সাহিত্যৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ এপ্ৰিল মাহৰ সাহিত্য পাঠৰ বৈঠকখনি আজি সম্পন্ন হয়। নগাঁৱৰ লক্ষীনগৰস্থিত শিশু বিকাশ বিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ পৰা অনুষ্টিত বৈঠকৰ সভাপতিৰ আসন গ্ৰহণ কৰে চ’ৰাৰ সভাপতি গুণধৰ নাথে। মাহেকীয়া সাহিত্য পাঠৰ লগত সংগতি ৰাখি “ব’হাগৰ আৱাহন” শীৰ্ষক এখনি কবি সন্মিলনো অনুষ্ঠিত হয়।সম্পাদক আবুল হুছেইনে আঁত ধৰা কবি সন্মীলনখনি সঞ্চালনা কৰে বিশিষ্ট কবি দুলাল দাসে। কবিতা পাঠৰ আগেয়ে অৰুণোদয় সাহিত্য চ’ৰাৰ সভাপতি গুণধৰ নাথৰ এখনি হেঁপাহৰ আকাশ কাব্য সংকলন খনি উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।

কবি মহেন্দ্ৰ হাজৰিকা, মালা মেধি কাকতি, কাবেৰী মহন্ত, কল্পনা হাজৰিকা, দীপ্তি বৰা, প্ৰদিপ শইকীয়া, উষা কমল শইকীয়া, ৰূপজ্যোতি দুৱৰা শইকীয়া, বিজন পাটৰ, দেৱ বৰা, নবিন কলিতা, জয়ন্তী বৰা, কৃষ্ণা কলিতা, কবিন পাটৰ, চিনু কাকতি শইকীয়া, মৃদুপৱন বৰা, চন্দ্ৰ শইকীয়া, নাৰায়ণ দাস, জ্যোতিকা মনি দাস, কৰবি লিগিৰাকে ধৰি প্ৰায় ডেৰকুৰি লেখক-লেখিকাই স্বৰচিত কবিতা পাঠ কৰি আবেলিটো জীপাল কৰি তোলে। অনুষ্ঠানত চ’ৰাৰ প্ৰাক্তন সভাপতিদ্বয় ভৱেশ মেধি, মৃদুপৱন বৰা, প্ৰাক্তণ সম্পাদকদ্বয় মুৰুলী বৰুৱা, ৰাহুল দেৱ বৰদলৈ, বিশিষ্ট সাহিত্যক ড° দীলিপ শৰ্মা, লেখিকা ৰিণি নেওগ বৰা, কৃপাসিন্ধু অধিকাৰী, অনু কোঁৱৰ সিংহ আদিকে ধৰি বহু সাহিত্যপ্ৰেমী উপস্থিত থাকে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.