অসমীয়া ভাষা সাহিত্যলৈ বাপ্টিষ্ট মিছনেৰী সকলৰ অৱদান অতুলনীয় । অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অৰুণোদয় আলোচনীৰ জৰিয়তে বাপ্টিষ্ট সকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাক অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে। আনহাতে অসমীয়া ভাষা কেৱল মাত্ৰ মাতৃভাষা নহয় ই হৈছে আমাৰ সভ্যতা , সংস্কৃতি এই কথা আজি এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।উল্লেখযোগ্য যে ১৮৪৫ চনৰ ২৫ জানুৱাৰীত নাথান ব্ৰাউন, মাইলছ ব্ৰন্ ছন আৰু চাইৰাচ বাৰ্কাৰে শিৱসাগৰ, গুৱাহাটী আৰু নগাঁওত প্ৰতিষ্ঠা কৰা বাপ্তিষ্ট মণ্ডলীৰ ১৭৫ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান উপলক্ষে ২৫ অক্টোবৰ শুক্ৰবাৰে গুৱাহাটীৰ বাপ্তিষ্ট সকলে বৰ্ষপূতি অনুষ্ঠান ৰূপায়ন কৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাৱত লিখক তথা পালক আজিজুল হকৰ ‘অৱদান’ শীৰ্ষক গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দয়ানন্দ পাঠক আৰু অসম শিল্পী সন্মিলনৰ সচিব কৈলাশ শৰ্মা। নিজৰ ভাষণ প্ৰসংগত ডঃ পাঠকে অৰুণোদয় যুগৰ ভাষা সাহিত্যৰ লগতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ওপৰতো বক্তব্য ৰাখে।আনহাতে লিখকৰ ভাষণ প্ৰসংগত পালক হকে কয় যে ১৮৩৬ চনত অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ পিছত অসমত যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু পৰৱৰ্তী অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ বাপ্তিষ্ট সকলৰ যি অৱদান আগবঢ়ালে লগতে অসমীয়া ভাষাক যি এক মাত্ৰা প্ৰদান কৰিলে সেই কথাক সন্মান জনাই গ্ৰন্থ খনৰ নাম অৱদান ৰখা হ’ল।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা