অ’ এন জি চিয়ে সুচাৰুৰূপে কৰ্তব্য সম্পাদন কৰিছে

0 215

সম্প্ৰতি ন’ভেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তোলাৰ সময়তো তেল আৰু গেছৰ যোগানৰ ক্ষেত্ৰত অসম তথা দেশৰ জনসাধাৰণ যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বা লগা নহয়, সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিকূল পৰিবেশৰ মাজতো অ’এন  জি চি অসম সম্পদৰ বিষয়া কৰ্মচাৰী সকলে ২৪ ঘণ্টাই কাম কাজ অব্যাহত ৰাখিছে। অ’এন জি চিয়ে তেল খাদ আৰু পাইপলাইন সমূহৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ যোগেদি অ’এন জি চি ৰ অভিযান এলেকাৰ জনসাধাৰণৰো নিৰাপত্তা সুনিশ্চিত কৰা হৈছে।
 
 
তেল আৰু গেছৰ উৎপাদন হৈছে এক অত্যাৱশ্যকীয় সেৱা আৰু ই পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদি নিত্য ব্যৱহার্য ইন্ধনৰ যোগান অব্যাহত ৰখাৰ বাবে অতিকে প্ৰয়োজনীয়।
 
 
ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি ক’ভিড ১৯ প্ৰতিৰোধ কৰিবলৈ আৰু নাগৰিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অ’এনজিচিয়ে ইতিমধ্যেই ২৩ মাৰ্চৰ পৰাই অন্য ঠাইৰ পৰা অসমলৈ বিষয়া কৰ্মচাৰী অহাত নিষেধাজ্ঞা আৰোপ কৰিছে।
 
 
 
অ’এন জি চিয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাপ্ৰশাসন আৰু স্থানীয় ৰাইজৰ আকুণ্ঠ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে অনাগত দিনটো শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সমূহ ৰাইজক ৰাজ্যখনৰ বৃহত্তৰ স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিকূল পৰিৱেশটো নিগমৰ অত্যাৱশ্যকীয় কাম কাজ সমূহ সুকলমে সম্পাদন কৰাত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.