গুৱাহাটীৰ পশ্চিম বৰাগাওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান চমুকৈ আই এ এছ এছ টিলৈ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ বিভাগে প্ৰতিষ্ঠানটোৱে উচ্চ মানৰ বৈজ্ঞানিক গৱেষণা কামৰ উপৰিও অসমৰ বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা কাষৰীয়া জনগোষ্ঠীয় গাঁওসমূহক দপ্তৰ গাঁও হিচাপে গ্ৰহণ কৰি সেই গাঁওসমূহক উৎকৰ্ষ সাধন আৰু অৱদানৰ বাবে ২০২০ চনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰিছে। অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীয়ে যুটীয়াভাৱে অনুষ্ঠিত গুৱাহাটীস্থিত আই আই টিৰ নৰ্থ ইষ্ট ৰিচাৰ্জ কনক্লেভ ২০২০ উপলক্ষে বিতৰণী সভাত এই বঁটা প্ৰদান কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূখাৰ্জীক। বঁটা গ্ৰহণ কৰি অধ্যাপক মূখাৰ্জীয়ে কয় যে অসম চৰকাৰৰ এই বঁটাটোৱে অনুষ্ঠানটোত কৰ্মৰত প্ৰত্যেকজন বিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীক যথেষ্ট উৎসাহ যোগাব আৰু ভৱিষ্যতে অধিক কাম কৰাৰ অনুপ্ৰেৰণা যোগাব। তেখেতে অসম চৰকাৰৰ লগতে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে