ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স ষ্টাডি এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত হোটেল ৰেডিচন ব্লুত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ আজি সামৰণি পৰে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ আৰ্থিক পৃষ্ঠপোষকতাত অনুষ্ঠিত “উত্তৰ পূৱৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক সকলৰ বাবে গৱেষণা আৰু উন্নয়ন পুঁজিৰ সুযোগ” বিষয়ক কৰ্মশালাখন উদ্ধোধন কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে আই এ এছ এছ টিৰ সহযোগী অধ্যাপিকা ডঃ মুনিমা বি চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ সচিব অধ্যাপক সন্দ্বীপ বাৰ্মা , বিশিষ্ট অতিথি হিচাপে পৰিচিত আই আই টি ,গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম , যোৰহাটস্থিত চি এছ আই আৰ – এন ই আই এছ টিৰ সঞ্চালক অধ্যাপক জি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে । আনহাতে দুদিনীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি মুঠ পাঁচখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । আলোচনা সত্ৰ সমূহত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় ১০০ গৰাকী গৱেষকে ভাগ লয় । ইয়াৰে কেবাগৰাকী গৱেষকে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে । আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে